৩ দুৰ্ধৰ্ষ NLFT উগ্ৰপন্থী সংগঠনৰ সদস্যৰ আত্মসমৰ্পণ

May 15, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ত্ৰিপুৰাৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন জাতীয় মুক্তি বাহিনী ত্ৰিপুৰা (NLFT) ৰ তিনি সদস্যই ত্ৰিপুৰা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।

শুকুৰবাৰে এই কথা জানিবলৈ দিয়ে ত্ৰিপুৰা আৰক্ষীয়ে।

আৰক্ষীয়ে জনোৱা অনুসৰি, বৃহস্পতিবাৰে নিশা অস্ত্ৰসহ আত্মসমৰ্পন কৰে সংগঠন টোৰ তিনি সদস্যই। তেওঁলোক ক্ৰমে ৰূপাধন দেৱ বাৰ্মা, আমূষ ত্ৰিপুৰা আৰু দিলীপ দেৱবাৰ্মা।

তেওঁলোকে পিষ্টলসহ কিছু বিস্ফোৰক জমা দিয়ে আৰক্ষীক।

উল্লেখ্য যে তেওঁলোকে ২০১৮ চনত সংগঠনটোত যোগদান কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীক। তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল বাংলাদেশ আৰু ম্যানমাৰত।

আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁলোকে ৰাজ্যৰ ভিতৰতে বহুতো কুটাঘাটমূলক কাৰ্য সম্পাদন কৰে।

তেওঁলোকৰ তথাকথিত নেতা সকলে বাংলাদেশ আৰু ম্যানমাৰত বিলাসপূৰ্ণ জীৱন কটোৱাৰ পৰিৱৰ্তে তেওঁলোকে কটাবলগীয়া হয় জংঘলৰ জীৱন। সেয়েহে তেওঁলোক মূলসুঁতিলৈ ঘূৰি আহে।

লগতে চাওকঃ

টিংৰাইত গ্ৰেনেড নিক্ষেপ কৰা দুৰ্বৃত্তৰ সন্ধান দিওতাক আৰক্ষীয়ে দিব ২ লাখ টকা!