৩ দিনৰ আৰক্ষীৰ জিম্মাত সচিবালয়ৰ ঘােচখােৰ কৰ্মচাৰী পাপৰি দাস মেহতা…

নিউজ ডেস্ক। এগৰাকী বিধৱা মহিলাৰ অনুকম্পামূলক নিযুক্তিৰ ফাইলৰ কাম আগবঢ়াই দিয়াৰ নামত ১ লাখ টকা দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল দিছপুৰ সচিবালয়ত কৰ্মৰত কৃষি বিভাগৰ জ্যেষ্ঠ সহায়িকা পাপৰি দাস মেহতা।

G03 3
৩ দিনৰ আৰক্ষীৰ জিম্মাত সচিবালয়ৰ ঘােচখােৰ কৰ্মচাৰী পাপৰি দাস মেহতা... 2

বৃহস্পতিবাৰে ভুক্তভােগী মহিলাগৰাকীৰ পৰা প্ৰথম কিস্তিৰ ১৫ হাজাৰ টকা ঘােচ লােৱাৰ সময়তে ভিজিলেঞ্চৰ হাতত আটক হ’ল এই দুৰ্নীতি পৰায়ণ কৰ্মচাৰীগৰাকী।

ইপিনে, শুকুৰবাৰে গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰােৱা হয় এই মহিলা কৰ্মচাৰীগৰাকীৰ।

আদালতে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে পাপৰি দাস মেহতাক।

উল্লেখ্য যে কৃষি বিভাগত চৰকাৰী গাড়ী চালক হৈ থকা এগৰাকী কৰ্মচাৰীৰ মৃত্যুৰ পিছতে তেওঁৰ বিধৱা পত্নীয়ে অনুকম্পামূলক নিযুক্তিৰ বাবে আবেদন জনাইছিল।

Leave a Comment