৩ দিনীয়া কাৰ্যসূচীৰে পুনৰ প্ৰাণ পাই উঠিব বাদুংদুপ্পা কলা কেন্দ্র, এইবাৰ মঞ্চস্থ হ’ব ৭খনকৈ দেশী-বিদেশী নাট…

পুনৰ প্ৰাণ পাই উঠিব গোৱালপাৰাৰ বাদুংদুপ্পা কলা কেন্দ্র।

আন আন বছৰৰ দৰে এইবেলিও গোৱালপাৰাৰ আগিয়াৰ ৰামপুৰৰ বাদুংদুপ্পা নাট্য কলা কেন্দ্রৰ বাকৰিত অহা ১৫,১৬,১৭ ডিচেম্বৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহ Under the sal tree.

শাল গছৰ তলত সম্পূর্ণ প্ৰাকৃতিক পৰিবেশৰ মাজত যান্ত্রিকতা পৰিহাৰ কৰি থলুৱা বাদ্যযন্ত্ৰেৰে দিনৰ পোহৰতে মাটিৰ মঞ্চত নাট পৰিবেশন কৰা হয়।

এই নাট্য সমাৰোহৰ বাবে ব্যাপক প্ৰস্তুতি পূনগতিত চলিছে।

বিশিষ্ট নাট্য কৰ্মী সংগীত নাটক একাডেমিৰ যুৱ বঁটা প্ৰাপ্ত প্ৰয়াত শুক্ৰচায্য ৰাভাৰ পৰিচালিত গোৱালপাৰা জিলাৰ আগিয়াৰ ৰামপুৰৰ বাদুংদুপ্পা কলা কেন্দ্রত অনুষ্ঠিত হোৱা Under the sal tree ত আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহত এইবাৰৰ ৭ খনকৈ নাটক মঞ্চস্থ কৰা হব।

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও নাট্যকর্মী আহিব।

বিদেশৰ শ্ৰী লংকাকে ধৰি মুম্বাই, মহাৰাষ্ট্র, গুজৰাট, পশ্চিম বংগৰ পৰা নাট্য দল আহিব।

এই নাট্য সমাৰোহত গোৱালপাৰাৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ নাট্য প্ৰেমী লোক সকলে ভিৰ কৰা পৰিলক্ষিত হয়।

নাট মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ১৫ ডিচেম্বৰত পুৱা ১-৩০ বজাত মহোৎসব উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক তথা নাট্যকর্মী ড° আৰ কালিচৰণে।

পুৱা ১০ বজাৰ পৰা মঞ্চস্থ হ’ব লগা মহোৎসৱৰ প্ৰথমখন নাট বাদুংদুপ্পা পৰিয়ালৰ দ্বাৰা ৰাভা ভাষাৰ নাট ‘ৰিছি জোলোংকা’। নাটৰ ৰচনা মদন ৰাভাৰ আৰু পৰিচালনা ধনঞ্জয় ৰাভাৰ।

বিয়লি ২-৩০ বজাৰ পৰা মঞ্চস্থ হ’ব মহাৰাষ্ট্ৰৰ তিনি টলছ থিয়েটাৰ দ্বাৰা বাংলা আৰু মাৰাঠী ভাষাৰ নাট ‘আলোৰ গান’। নাটৰ ৰচনা- পৰিচালনা প্রতীক্ষা খাছনিছৰ।