৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দূৰ্ঘটনা, দুখন বাহনৰ মুখামুখি সংঘৰ্ষ এজনৰ মৃত্যু…

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দূৰ্ঘটনা। দুখন বাহনৰ প্ৰচণ্ড মুখামুখি সংঘৰ্ষ এজনৰ মৃত্যু।

কাজিৰঙা দূৰ্গাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ দূৰ্ঘটনাটো সংঘটিত হৈছে।

গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী চুইফট ডিজায়াৰ আৰু ডিব্ৰুুগড়ৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেভেলাৰৰ প্ৰচণ্ড জোৰে মুখামুখী সংঘৰ্ষ হয়।

যাৰ ফলত এজনে থিতাতে মৃত্যুক আকোৱালী লোৱাৰ লগতে দূৰ্ঘটনাত গুৰুতৰভাৱে আহত শিশুসহ দহজনকৈ লোক।

দুৰ্ঘটনাৰ সময়ত ট্ৰেভেলাৰখনত আৰক্ষীৰ লোক আছিল।

আৰক্ষীৰ লোকসকলো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় দুৰ্ঘটনাটোৰ ফলত।

স্থানীয় লোকৰ সহায়ত আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

দূৰ্ঘটনা সংঘটিত কৰি দলঙৰ ৰেলিং ভাঙি ওলমি ৰয় ট্ৰেভেলাৰখন।

চুইফ্ট ডিজায়াৰখনৰ নম্বৰ AS02S8465, ট্ৰেভেলাৰখনৰ নম্বৰ AS01KC0644.

Leave a Comment