৩৬ দিনৰ মূৰত নন্দিতা শইকীয়াৰ হত্যাকাৰীৰ বিৰুদ্ধে ৪০০ পৃষ্ঠাৰ চাৰ্জশ্বিত দাখিল আৰক্ষীৰ…

ৰাজ্য কঁপোৱা নন্দিতা শইকীয়া হত্যাকাণ্ড।

যোৱা ২১ আগষ্টত ধেমাজিত দিন দুপৰতে সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড।

শীতল মস্তিস্কৰে পূৰ্ব পৰিকল্পিত ভাবে ধেমাজি জিলাৰ মৰিধল অঞ্চলৰ পৰা অনুসৰণ কৰি আহি ধেমাজি নগৰৰ মাজ মজিয়াত ৰিন্টু শৰ্মা নামৰ নৰখাদকটোৱে সংঘটিত কৰিছিল জঘন্য, বৰ্বৰৰোচিত আক্ৰমণ।

ঘটনাৰ ৩৬ দিন পিছত হত্যাকাৰীৰ বিৰুদ্ধে শ্বাৰচিট দাখিল কৰে আৰক্ষীয়ে।

ধেমাজি আৰক্ষীয়ে সুদীৰ্ঘ ৩৬ দিনৰ মূৰত দাখিল কৰিলে এই হত্যাকাণ্ডৰ চাৰ্জশ্বিট।

৩৪২/৩২৪/৩০৭/৩০২আই পি চি ধাৰা সন্নিৱিষ্ট অভিযুক্তৰ বিৰুদ্ধে।

প্রায় ৪০জন লোকৰ সাক্ষ্যগ্রহণ কৰি চাৰ্জশ্বিট দাখিল ধেমাজি আৰক্ষীৰ।

নন্দিতা শইকীয়াৰ মৃত্যুৰ পিছতেই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰি ৰিন্টু শইকীয়াক ফাচীৰ দাবী উত্থাপন কৰিছিল।

আনহাতে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলিয়াইছিল ৰিন্টু শইকীয়াক।

উল্লেখ্য যে, ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা দি সহপাঠী কস্মিতা দত্ত আৰু পিতৃ দেৱ দত্তৰ সৈতে আহি থকা অৱস্থাতে তিনিওৰে ওপৰত চলোৱা প্ৰাণনাশী আক্ৰমণৰ পৰৱৰ্তী সময়ত যোৱা ২৫ আগষ্টত মৰ্মান্তিক মৃত্যুক সাৱটি লয় প্ৰচুৰ সম্ভাৱনাময়ী যুৱতী নন্দিতা শইকীয়াই।

Leave a Comment