ৰাষ্ট্ৰীয়

৩৫ বছৰলৈ লীজত দিয়া হ’ব ৰে’লৱেৰ মাটি, কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

৩৫ বছৰলৈ লীজত দিয়া হ’ব ৰে’লৱেৰ মাটি।

চৰকাৰে ২০২১ চনত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী গতি শক্তি ফ্ৰেমৱৰ্ক প্ৰকল্পৰ সফল ৰূপায়ণত সহায়ক হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰে।

উক্ত প্ৰকল্পৰ অধীনত দেশৰ ৩০০ কাৰ্গো টাৰ্মিনেলৰ অহা ৫ বছৰৰ ভিতৰত বিকাশ সাধন কৰা হ’ব।

এই প্ৰকল্পৰ অধীনত ১৬ টা মন্ত্ৰালয় সামৰি এখন মঞ্চ গঠন কৰা হৈছে।

এই মঞ্চত ৰে’ল, অসামৰিক বিমান পৰিবহন, জাহাজ আৰু পথ পৰিবহন মন্ত্ৰালয়ো আছে।

উল্লেখ্য যে, এই আঁচনি ৰূপায়ণৰ ফলত ৯০ দিনৰ ভিতৰত প্ৰায় ১.২ লাখ চাকৰি সৃষ্টি হ’ব।

ৰে’লৱেৰ মাটি লীজত লোৱা সকলৰ সুবিধা হোৱাকৈ ঘাইকৈ আন্ত:গাঁথনিৰ কাম শক্তিশালী কৰাৰ স্বাৰ্থত লীজৰ সময় সীমা ৩৫ বছৰলৈ বৃদ্ধি হয়।

উল্লেখ্য যে, এটাৰ পাছত আন এটা ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ যেন প্ৰতিযোগিতাত নামিছে চৰকাৰ। এইবাৰ ৰে’ল বিভাগৰ মাটি লীজত দিয়াৰ কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Related Articles

Back to top button