৩৪ হেণ্ড গ্ৰেনেড সহ ৩ উগ্ৰপন্থীক গ্ৰেপ্তাৰ আৰক্ষীৰ

May 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সমগ্ৰ দেশত ক’ভিড জনিত পৰিস্থিতিৰ অৱনতিৰ সময়তে কূটাঘাতৰ পৰিকল্পনা অব্যাহত ৰাখিছে নিষিদ্ধ ঘােষিত সন্ত্ৰাসবাদী সংগঠন ইউ এন এল এফে।

শুকুৰবাৰে মণিপুৰ আৰক্ষীয়ে নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইউ এন এল এফৰ তিনি সদস্যক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী তিনিওজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৩৪ টাকৈ হেণ্ড গ্ৰেনেড।

মণিপুৰৰ থৌবাল আৰক্ষীয়ে জব্দ কৰে এই বিস্ফোৰক সমূহ।

আৰক্ষীয়ে জনোৱা অনুসৰি, থৌবাল জিলাৰ টকচাম মায়াই লেইকাইৰ এখন কলৰ বাগানৰ পৰা বিস্ফোৰক খিনি উদ্ধাৰ কৰা হয়।

এক গোপন তথ্য অনুসৰি চলোৱা অভিযানত এই সমূহ উদ্ধাৰ কৰা হয়।