৩১ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যৰ ৪০ হাজাৰ পদপথৰ ব্যৱসায়ীয়ে লাভ কৰিব ঋণ…

৩১ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যৰ ৪০ হাজাৰ পদপথৰ ব্যৱসায়ীয়ে লাভ কৰিব ঋণ।

ক’ভিড কালত ক্ষতিগ্ৰস্ত হোৱা ৪০ হাজাৰ পদপথৰ ব্যৱসায়ীয়ে ডিচেম্বৰৰ ভিতৰত ১০০ শতাংশ ঋণ লাভ কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ক’ভিড সৃষ্ট পৰিবেশত বিপৰ্যয়ৰ সন্মুখীন হোৱা পদ পথৰ ব্যৱসায়ী সকলৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছিল পি এম ষ্ট্ৰীট ভেণ্ডৰ নিধি।

এই নিধিৰ জৰিয়তে ঋণৰ বাবে প্ৰায় ৪০ হাজাৰ ব্যৱসায়ীয়ে আবেদন কৰিছে আৰু ইয়াৰে ১৭ হাজাৰক ইতিমধ্যে ঋণ প্ৰদান কৰা হৈছে।

এই আচঁনি অনুসৰি প্ৰথম পৰ্যায়ত ১০ হাজাৰ, আৰু ১০ হাজাৰ ঘূৰাই দিলে দ্বিতীয় পৰ্যায়ত লাভ কৰি ২০ হাজাৰ টকা। ২০ হাজাৰ টকা ঘূৰাই দিলে তৃতীয় পৰ্যায়ত লাভ কৰিব ৫০ হাজাৰ টকা।

শুক্ৰবাৰে মুখ্যমন্ত্ৰীয়ে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বেংকৰ বিষয়াসকলৰ লগত বৈঠকত মিলিত হৈ ডিচেম্বৰৰ ভিতৰত সকলোকে ঋণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী অশোক সিংঘল, বিত্তমন্ত্ৰী অজন্তা নেওঁগ, মুখ্য সচিব জিষ্ণু বৰুৱা।

Leave a Comment