৩০হাজাৰ নিবনুৱাক চাকৰি দিবলৈ গৈ আছো, আন্দোলন কৰি তেওঁলোকক অন্যায় নকৰিবঃ পীযুষ হাজৰিকা

মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল।

সংবাদমেলত কেতবোৰ বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

শেহতীয়াভাৱে ৰাজ্যত আৰম্ভ হোৱা ‘কা’ আন্দোলন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে।

তেওঁ কয়- ‘কা’-ৰ নামত আন্দোলন কৰি অসম আৰু অসমীয়াক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা হৈছে। আমি ৩০ হাজাৰ নিৱনুৱাক চাকৰি দিবলৈ গৈ আছো, আন্দোলন কৰি তেওঁলোকক অন্যায় নকৰিব।

মন্ত্ৰী হাজৰিকাই সকীয়নি দি কয়- CAA হ’লেই বাংলাদেশী আহিব, এইটো গোকাট মিছা কথা। মিছা কথা কৈ পৰিৱেশ বেয়া নকৰিব। অসমৰ মানুহক আন্দোলন কৰি পিছুৱাই নিয়াৰ চেষ্টা এৰক।

অসমীয়া শব্দটো অহমীয়া-অছমীয়া বুলি কয়। দুষ্কৃতিকাৰী আন্দোলনকাৰীয়ে ধ্বংস কৰিলে গুৱাহাটীখন। অসমীয়াৰ স্বাভিমান শৰাইখন গুৰিওৱাৰ বাবেই CAA আন্দোলন সফল নহ’ল বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ।

তেওঁ কয়- সকলোৰে মতাদৰ্শ বেলেগ বেলেগ। কিন্তু কিছুমান ভুৱা কথা আৰু মিছা কথা কৈ অসমীয়া মানুহক পিছুৱাই লৈ যোৱা কামটো কোনোৱে যাতে নকৰে।