২ লাখ টকাৰ ঘােচ প্ৰত্যাখ্যান, আৰক্ষীয়ে শতাধিক চুৰি ম’বাইলসহ গ্ৰেপ্তাৰ কৰিলে দুটা মবাইল চােৰ

নিউজ ডেস্ক। আৰক্ষীৰ অভিযানত জালত পৰিল দুই দুৰ্ধৰ্ষ মবাইল ফােন চােৰ। অভিযানকাৰী আৰক্ষীক গ্ৰেপ্তাৰ নকৰাৰ বাবে ২ লাখ টকাৰ প্ৰলােভন দিও ৰক্ষা নপৰিল চােৰ দুটা।

জানিব পৰা মতে, নগাঁও আৰক্ষীয়ে দুটা মোবাইল চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে তেওঁলোকৰ পৰা শতাধিক চুৰি হােৱা মোবাইল ফােন জব্দ কৰে।

হয়বৰগাঁও আৰক্ষীৰ এটা দলে হয়বৰগাঁও হাইস্কুলৰ ওচৰৰ এটা ভাড়াঘৰত তালাচী চলাই এই সাফল্য লাভ কৰে।

FDf-ZA61-VUAMrcmc

গ্ৰেপ্তাৰ কৰা দুটাৰ নাম ৰাজ কুমাৰ নুনিয়া আৰু চানু কুমাৰ নুনিয়া বুলি জানিব পৰা হৈছে। দুয়োজন ঝাৰখণ্ডৰ বাসিন্দা।

জানিব পৰা মতে, চোৰ দুটাই তেওঁলোকক গ্ৰেপ্তাৰ নকৰাৰ বাবে অভিযানকাৰী দলটােৰ নেতৃত্ব লােৱা হয়বৰগাঁও আৰক্ষীৰ বিষয়া তৰং পাটোৱাৰীক ২ লাখ টকাৰ উৎকােচ প্ৰদানৰ প্ৰলােভন দিছিল।

FDf-Y-66-VEAM3-OWL

অৱশ্যে, বিষয়াজনে উৎকোচ প্ৰত্যাখ্যান কৰে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

নগাঁওআৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই মন্তব্য কৰে যে উৎকোচ প্ৰত্যাখ্যান কৰা আৰু তেওঁৰ কৰ্তব্য পালন কৰা তৰং পাটোৱাৰী আৰক্ষীৰ গৌৰৱ।

Leave a Comment