
নিউজ ডেস্কঃ পুনৰ অসমীয়া যুৱক ধাৱমান অৰণ্যলৈ!
আলফা স্বাধীনৰ শেহতীয়া কাৰ্যকলাপক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ২ বছৰীয়া সন্তানসহ পত্নীক এৰি এইবাৰ সশস্ত্ৰ সংগ্ৰামৰ পথত ভৰি দিলে ডিব্ৰুগড়ৰ এগৰাকী উদীয়মান কণ্ঠশিল্পীয়ে।
জানিব পৰা মতে, যোৱা ৫ মে’ত মোবাইল মেৰামতি কৰিম বুলি ঘৰৰ পৰা ওলাই গৈছিল মৰাণৰ ২নং চৰাইহাবি গাঁৱৰ নিৱাসী তথা পেছাত এগৰাকী শিক্ষক উচ্চকমল বৰাৰ পুত্ৰ অভিলেখ বৰাই।
এটি ২ বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ অভিলেখে সেইদিনা ভনীয়েকৰ স্কুটীখন লৈ ওলাই গৈছিল ঘৰৰ পৰা।

মাতৃৰ পৰা ২ হাজাৰ টকা লৈ মোবাইল মেৰামিত কৰিম বুলি ওলাই যোৱা অভিলেখ ঘৰলৈ আৰু উভতি নাহিল।
সন্ধিয়া যুৱকজনৰ মোবাইল ফোন চুইটছ অফ পোৱাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। তাৰ পিছতে বন্ধুৰ পৰা জানিব পাৰে অভিলেখৰ আলফা গমনৰ কথা।
জানিব পৰা মতে, অতি সুন্দৰ কণ্ঠৰ অধিকাৰী অভিলেখে ১৩ মে’ত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া সোণোৱাল কছাৰী সাহিত্য সভাত সংগীত পৰিৱেশনৰো প্ৰস্তাৱ লাভ কৰিছিল। তাৰ বাবে ৰিহাৰ্চেলো কৰি আছিল ২৬ বছৰীয়া যুৱকজনে।
অভিলেখৰ দেউতাক অসুস্থ। নিজৰো এটা অস্ত্ৰোপচাৰ হৈ গৈছে। যাৰ বাবে কোনো কষ্টকৰ কাম নকৰিবলৈ চিকিৎসকে পৰামৰ্শ দি থৈছে। কিন্তু তাৰ পিছতে যুৱকজনে পিতৃ-মাতৃৰ লগতে দুই বছৰীয়া সন্তানটো আৰু পত্নীক এৰি এনেদৰে আলফালৈ যোৱাত দুখত ভাগি পৰিছে পৰিয়ালটো।
অভিলেখক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে পিতৃ-মাতৃয়ে। লগতে পৰেশ বৰুৱাকো তেওঁলোকে জনাইছে কাতৰ আহ্বান যাতে ল’ৰাটোক ঘূৰাই পঠিয়ায়।
লগতে চাওকঃ
