২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰফাইল পিকচাৰত জাতীয় পতাকা ৰাখিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ…

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৯০ সংখ্যক ‘মনকি বাত’ অনুষ্ঠানত জৰিয়তে দেশবাসীক সম্বোধন কৰে।

অনুষ্ঠানৰ জৰিয়তে দেশবাসীক বিশেষ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোডীয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলক নিজৰ প্ৰফাইল পিকচাৰত ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ত্ৰিৰংগা পতাকা ৰখিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, ২ আগষ্টত ত্ৰিৰংগা পতাকাৰ নক্সা তৈয়াৰ কৰা পিঙ্গালী ভেংকায়াৰ জন্মজয়ন্তী।

লগতে অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে স্বাধীনতা সংগ্ৰামৰ শ্বহীদ উধম সিঙে দেশৰ বাবে কৰা ত্যাগৰ কথা স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, ‘স্বাধীনতাৰ ৭৫ সংখ্যক দিনটো আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ দিন। স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত ১৩ ৰ পৰা ১৫ আগষ্টলৈ এক বিশেষ উৎসৱৰ আয়োজন কৰা হৈছে। সেয়া হৈছে- ‘হৰ ঘৰ তিৰঙ্গা- হৰ ঘৰ তিৰঙ্গা’।

এই উৎসৱৰ অংশ হিচাপে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সকলোকে ঘৰত ত্ৰিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোডীয়ে।