২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্কঃ অহা ২ অক্টোবৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

এই কথা জানিবলৈ দিছে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে।

photo1664186195
২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 4

কাজিৰঙাত অনুষ্ঠিত হৈ থকা অসম চৰকাৰৰ চিন্তন শিৱিৰত অংশ গ্ৰহণ কৰাৰ পিছত সাংবাদিকৰে বাৰ্তালাপ কৰি পৰ্যটকৰ বাবে পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ কথা সদৰী কৰে এম কে যাদৱে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত বন্যপ্ৰাণী সুৰক্ষা আইন ভংগ কৰাৰ অভিযোগক ভিত্তিহীন আখ্যা দিয়ে প্ৰধান মুখ্য বন সংৰক্ষকগৰাকীয়ে।

photo1664186196
২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 5

তেওঁ কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মুখ্যমন্ত্ৰীৰ প্ৰৱেশত কোনো ধৰণৰ বাধা নাই।

উল্লেখ্য যে, চিন্তন শিৱিৰৰ উদ্বোধন কৰিবলৈ অহা আধ্যাত্মিক গুৰু সদগুৰুৰ সৈতে কাজিৰঙাৰ ভিতৰত নিশা জীপচি চলাই পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

photo1664186197
২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 6

ইয়াৰ পিছতে বন্যপ্ৰাণী সুৰক্ষা আইন ভংগ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল দুগৰাকী সমাজকৰ্মীয়ে।