২੦੦৪ চনৰ বিধ্বংসী চুনামীত ‘মৃত’ বুলি ঘােষিত আৰক্ষী বিষয়াক ১৬ বছৰৰ মূৰত জীৱন্তে উদ্ধাৰ!

March 19, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক আচৰিত ঘটনা। চুনামীত মৃত বুলি ঘােষণা কৰা এজন লােকক ১৬ বছৰৰ মূৰত জীৱন্তে উদ্ধাৰ কৰিলে পৰিয়ালৰ লোকে। পেছাত তেওঁ আৰক্ষী বিষয়া। নাম আব্ৰিপ আছেপ।

বিভাগীয় তথ্য মতে, ইণ্ডোনেছিয়াৰ ভাৰত মহাসাগৰৰ ২০০৪ চনৰ বিধ্বংসী চুনামীত প্ৰাণ গৈছিল তেওঁৰ। যিহেতু তেওঁ সেই সময়ত আছিল নিজ কৰ্তব্যত। পৰিয়ালৰ লোকে ভাবিছিল ১০০ ফুট উচ্চতাৰ সেই সাগৰীয় ঢৌত মৃত্যু হোৱা ২,৩০,০০০ লোকৰ ভিতৰত আছিল তেওঁলোকৰ আব্ৰিপো। কিন্তু কথাটো বেলেগহে হ’ল।

১৬ বছৰৰ পিছত পৰিয়ালে আব্ৰিপক লাভ কৰিলে জীৱন্তে। অৰ্থাৎ ইণ্ডোনেছিয়াৰ আছেহ প্ৰদেশৰ এখন মানসিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰিয়ালৰ লোকে লাভ কৰিলে আব্ৰিপক। চুনামীৰ সময়ত মানসিক ভাৰসাম্য হেৰুৱাই তেওঁ চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত।

প্ৰাকৃতিক দুৰ্যোগৰ পিছতেই আব্ৰিপ সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে সেয়েহে তেঁওৰ মৃত্যু হোৱা বুলি ভাবিছিল আৰু ১৬ বছৰৰ পিছত আব্ৰিপক লাভ কৰি সামাজিক মাধ্যমত তেওঁৰ ছবি শ্বেয়াৰ কৰিলে পৰিয়ালৰ লোকে।

এগৰাকী আত্মীয়ই কয় যে, “আমি আচৰিত হৈছো। ১৭ বছৰে কোনো খবৰেই লাভ কৰা নাছিলো। তেওঁৰ মৃত্যু হোৱা বুলি ভাবিছিলো। ভবাই নাছিলো তেওঁ যে জীয়াই আছিল।”

আৰক্ষীয়েও পৰৱৰ্তী সময়ত নিশ্চিতি দি কয় যে, মানসিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোক জন আব্ৰিপেই হয় যাক দুৰ্যোগৰ পিছত সন্ধানহীন হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰা হৈছিল। আৰু চুনামীৰ পিছতহে তেওঁ মানসিক ৰোগত ভূগে বুলি জনায় আৰক্ষীয়ে।

উল্লেখ্য যে ২০০৪ চনৰ ২৬ ডিচেম্বৰত হোৱা এই প্ৰাকৃতিক দুৰ্যোগত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল দক্ষিণ-পূব এছিয়াৰ ইণ্ডোনেছিয়া।

লগতে চাওকঃ

সুৰা সৰবৰাহকাৰীৰ অভিনৱ কৌশল দেখি হতবাক আনন্দ মহিন্দ্ৰা! ক’লে এই কথা…

ৰক্ষকেই ভক্ষক! থানাৰ লক আপৰ পৰা ৮ লক্ষাধিক টকা চুৰি কৰি গ্ৰেপ্তাৰ হ’ল দুই আৰক্ষী

বিজেপি কৰ্মীসকল অতি পৰিশ্ৰমী, তেওঁলােক ক’ভিড-১৯ত আক্ৰান্ত হ’ব নোৱাৰেঃ বিধায়ক

পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা পদত ডঃ সমুজ্জ্বল ভট্টাচাৰ্য!