২৯টা পোৱালি জন্ম দিয়া ‘চুপাৰ মম’ বাঘিনী ৰাণীৰ মৃত্যু, প্ৰকৃতি প্ৰেমীৰ মাজত শোকৰ বন্যা

মধ্য প্ৰদেশক টাইগাৰ ষ্টেটৰ মৰ্যাদা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কলাৰ্ড টাইগ্ৰেছ “চুপাৰ মম”ৰ শনিবাৰে মৃত্যু হয়।

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ গৌৰৱ “ৰাণী”ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আনহাতে গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাইও টুইট যোগে চুপাৰ মম ৰাণীক শেষ শ্ৰদ্ধা জনায়।

FJMf-S3hac-Ac-UJ1-Y

“কলাৰ্ড টাইগ্ৰেছ” বুলি পৰিচিত বাঘিনী ৰাণী এতিয়া পৃথিৱীত নাই।

২৯ টা পোৱালি জন্ম দি “চুপাৰ মম” নামেৰে জনাজাত হোৱা বাঘিনী ৰাণীয়ে শনিবাৰে পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ ভূৰা দত্ত নালাৰ ওচৰৰ সীতাঘাটত শেষ নিশ্বাস ত্যাগ কৰে।

খবৰ অনুসৰি “চুপাৰ মম” ৰাণী কেইদিনমানৰ বাবে অসুস্থ আছিল। ৰাণীৰ বয়স আছিল ১৭ বছৰ।

FJOV1-TLa-MAIa3-Cf

উল্লেখ্য যে, ২০০৫ চনৰ ছেপ্টেম্বৰত জন্ম হোৱা ৰাণীয়ে আঢ়ৈ বছৰ বয়সত তিনিটা পোৱালি জন্ম দিয়ে। তেতিয়াৰ পৰা আঠবাৰ গৰ্ভৱতী হোৱা ৰাণীয়ে মুঠ ২৯ টা পোৱালী জন্ম দিছে।

এইজনী চুপাৰ মম বাঘিনীৰ মৃত্যুত শোকত ভাগি পৰিছে বন্যপ্ৰাণী প্ৰেমীসকল।

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে টুইট কৰি “চুপাৰ মম” ৰাণীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

তেওঁ টুইট কৰে, “মধ্য প্ৰদেশৰ গৌৰৱ আৰু ২৯ টা পোৱালিৰ মাতৃ ‘চুপাৰ টাইগ্ৰেছ মম’লৈ শ্ৰদ্ধাঞ্জলি, যিয়ে ৰাজ্যখনক টাইগাৰ ষ্টেটৰ মৰ্যাদা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মধ্য প্ৰদেশৰ অৰণ্যবোৰ সদায় পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ ‘ৰাণী’ৰ পোৱালীৰ গৰ্জনৰ সৈতে গুঞ্জৰিত হৈ থাকিব।”

FJSy74-Da-QAE0scy

ৰাজ্যৰ গৃহ মন্ত্ৰী ড০ নৰোত্তম মিশ্ৰাইও ৰাণীৰ মৃত্যুত শোক প্ৰকাশ কৰে।

FJSkwfyak-AIPx-W2

নৰোত্তম মিশ্ৰাই টুইটত কয়, ‘চুপাৰ মম’ক শেষ অভিবাদন। ২৯ টা পোৱালি জন্ম দিয়া পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ “ৰাণী”ৰ মৃত্যুৰ বাতৰি টো দুখজনক। মধ্য প্ৰদেশক দিয়া টাইগাৰ ষ্টেটৰ গৌৰৱময় পৰিচয় সম্পৰ্কে কোনো আলোচনা এই চুপাৰ মমৰ গুৰুত্বপূৰ্ণ অৱদান অবিহনে সম্পূৰ্ণ নহ’ব।

লগতে চাওকঃ

আচৰিত! ‘তিনিটা চকু’ থকা পোৱালী জন্ম দিলে এজনী গাই গৰুৱে…

photo-2022-01-17-13-23-36

Leave a Comment