২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী, মুকলি কৰিব সাতখন কেন্সাৰ হাস্পতাল…

২৮ এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

মুকলি কৰিব সাতখনকৈ কেন্সাৰ হাস্পতাল।

টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত নিৰ্মাণ কৰা কেন্সাৰ হাস্পতালসমূহৰ সাতখন হাস্পতাল ২৮ এপ্ৰিলত আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

দেওবাৰে যোৰহাটত নিৰ্মাণ চলি থকা কেন্সাৰ হাস্পতালখন পৰিদৰ্শন কৰি এই কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

এই কেন্সাৰ হাস্পতালসমূহত সকলোখিনি উন্নত চিকিৎসাসেৱা উপলব্ধ হ’ব।

টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত গঠিত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ দ্বাৰা অসমত নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল ১৮খনকৈ বিভিন্ন পৰ্যায়ৰ কেন্সাৰ কেয়াৰ হাস্পতাল।

প্ৰথম পৰ্যায়ত ইয়াৰে দহখন হাস্পতালৰ নিৰ্মাণৰ কাম চলি আছে।

অহা ২৮ এপ্ৰিলত ইয়াৰে সাতখন কেন্সাৰ হাস্পতাল আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ ভিতৰত আছে যোৰহাটৰ জেএমচিএইচ চৌহদত নিৰ্মাণ কৰা কেন্সাৰ হাস্পতালখনো।

২৮ এপ্ৰিলৰ পূৰ্বেই এই চিকিৎসালয়সমূহ সাজু হৈ উঠিব।

২৮ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা সাতখন কেন্সাৰ হাস্পতাল আনুষ্ঠানিকভাৱে মুকলি কৰিব।

এই কেন্সাৰ হাস্পতালসমূহত ৰোগীসকলে কেমোথেৰাপি, ৰেডিয়েচন থেৰাপীকে ধৰি সকলোখিনি উন্নত মানৰ চিকিৎসাসেৱা লাভ কৰিব।

এই কেন্সাৰ হাস্পতালসমূহৰ দ্বাৰা ৰোগীসকল অধিক উপকৃত হ’ব কেন্সাৰ ৰোগ ধৰা পেলোৱা পৰীক্ষাসমূহৰ দ্বাৰা। অৰ্থাৎ আৰম্ভণিতে কেন্সাৰ ৰোগ ধৰা পেলোৱা পৰীক্ষাসমূহ এই চিকিৎসালয়সমূহত উপলব্ধ হ’ব।

Leave a Comment