২৮ আগষ্টত পুনৰ বন্ধ হ’ব ইণ্টাৰনেট, পৰীক্ষাৰ্থীয়ে ইণ্টাৰনেট বন্ধ হোৱাই ভাল পাইছেঃ মুখ্যমন্ত্ৰী…

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা।

ইতিমধ্যে ২১ আগষ্টত অনুষ্ঠিত হৈ যায় চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা।

পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ কঠোৰ পদক্ষেপ।

আনকি পৰীক্ষা অনুষ্ঠিত দিন দুটাত আগবেলা দুঘণ্টা আৰু পিছবেলা দুঘণ্টাকৈ মুঠ চাৰিঘণ্টা ইণ্টাৰনেট বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

হোৱাটছএযোগে কোনেও প্ৰশ্নকাকত ভাইৰেল কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ।

কিন্তু চৰকাৰৰ এই পদক্ষেপে ইণ্টাৰনেটৰ লগত জড়িত ব্যৱসায়ীসকলক যথেষ্ট ক্ষতি কৰিছে বুলি চৰ্চা চলিছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়- ইণ্টাৰনেট বন্ধ ৰখাটো বহুত ভাল হৈছে। ১৪ লাখ লৰা-ছোৱালীয়ে এইবাৰ পৰীক্ষা দি মনত শান্তি পাইছে। এনেকুৱা ব্যৱস্থা অসমত মানুহে মাজে মাজে পাই থাকিব।

OLA-UBER চালক সকলে এই ক্ষেত্ৰত যথেষ্ট ভাল পাইছে বুলি মন্তব্য কৰি তেওঁ কয় যে, OLA-UBER চালক সকলৰ লৰা ছোৱালীয়ে এতিয়া ন্যায় পাব। নহ’লে ডাঙৰ ডাঙৰ মানুহৰ লৰা ছোৱালীয়ে চাকৰি পালেহেতেন।

OLA – UBER চালকে আমাক আশীৰ্বাদ দি আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে সাংবাদিকক উদ্দেশ্যি কৰি মুখ্যমন্ত্ৰীয়ে কয়- আপোনালোকৰ এজেণ্ডাত আমি নচলিম। আমাৰ এজেণ্ডাত আমি চলাম।

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ২৮ আগষ্টটো ইণ্টাৰনেট বন্ধ ৰখা হ’ব বুলি স্পষ্ট কৰি দিয়ে।