অসমীয়াৰাষ্ট্ৰীয়

২৭ বছৰৰ পিছত গুজৰাটৰ শাসনত পুনৰ বিজেপি! ইতিহাস ৰচনা কৰি উৰুৱালে বিজয় নিচান…

নিউজ ডেস্কঃ গুজৰাটত জয়ৰ এক নতুন অভিলেখ ৰচিবলৈ সক্ষম হ’ল বিজেপিয়ে।

গুজৰাট বিধানসভা নিৰ্বাচনৰ ইতিহাসত সৰ্বাধিক সংখ্যক আসন দখল কৰি বৃহৎ সংখ্যাগৰিষ্ঠতাৰে ২৭ বছৰৰ পিছত পুনৰ চৰকাৰ গঠনৰ দিশে বিজেপি।

উল্লেখ্য যে, ১৯৮৫ চনত কংগ্ৰেছে গুজৰাটত ১৪৯ খন আসন দখল কৰি এক অভিলেখ ৰচনা কৰিছিল।

কিন্তু ২০২২ৰ বিধানসভা নিৰ্বাচনত সেই অভিলেখ ভংগ কৰি ১৫৬ খন আসন লাভ কৰে বিজেপিয়ে।

ইয়াৰ বিপৰীতে ৰাজ্যখনত ২০১৭ চনত ৭৭ খন আসন লাভেৰে জয়ৰ প্ৰায় কাষ চপা কংগ্ৰেছ এইবাৰ মাত্ৰ ১৭ খন আসনতে সীমাবদ্ধ হৈ পৰে।

গুজৰাটত এই বৃহৎ জয়ৰ পিছতে সোমবাৰে অৰ্থাৎ ১২ ডিচেম্বৰত অনুষ্ঠিত হ’ব গুজৰাট চৰকাৰৰ শপত গ্ৰহণ।

ইফালে নিৰ্বাচনৰ ফলাফল নিশ্চিত হোৱাৰ পিছতে গুজৰাটবাসীক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি মোডীয়ে কয়, ‘মই আগতেই কৈছিলো যে মই ৰচনা কৰা অভিলেখ এইবাৰ ভংগ হ’ব। সেয়াই হ’ল। কংগ্ৰেছ গুজৰাটৰ পৰা নিশ্চিহ্ন হৈছে, লাহে লাহে দেশৰ ৰাজনীতিৰ পৰাও নিশ্চিহ্ন হ’ব।’

উল্লেখ্য যে, ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হৈছিল গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

আজি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে যদিও এতিয়াও নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

Related Articles

Back to top button