২৭ বছৰীয়া অভিনয় কেৰিয়াৰ ত্যাগ কৰি সন্যাস ল’লে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে, যাত্ৰা কৰিলে হিমালয়লৈ…

নিউজ ডেস্কঃ এই জীৱন মোহ-মায়াৰ বাহিৰে আন একো নহয়! পৃথিৱীৰ আটাইবোৰ ধৰ্মগ্ৰন্থতে উল্লেখ কৰা হৈছে এইষাৰ কথা। গীতাতো ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক উদ্দেশ্যি কৈছে একেই কথা। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও বৰগীতত লিখি থৈ গৈছে- ‘অথিৰ ধন জন/জীৱন যৌৱন/অথিক এহু সংসাৰ…।’

এই মোহ-মায়াৰ জীৱন ত্যাগ কৰি বহুতেই সিদ্ধপুৰুষ হয়, আধ্যাত্মিকতাৰ বাটেৰে ইশ্বৰৰ সন্ধান চলায়। শেহতীয়াকৈ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়েও তাকেই কৰিলে। ২৭ বছৰীয়া অভিনয়ৰ কেৰিয়াৰ ত্যাগ কৰি ইশ্বৰক বিচাৰি হিমালয়লৈ যাত্ৰা আৰম্ভ কৰিছে সৰু পৰ্দাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী নুপূৰ আলংকাৰে।

image 146
২৭ বছৰীয়া অভিনয় কেৰিয়াৰ ত্যাগ কৰি সন্যাস ল’লে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে, যাত্ৰা কৰিলে হিমালয়লৈ… 4

বিগত ২৭ বছৰে বিভিন্ন চৰিত্ৰত অভিনয় কৰি দৰ্শকক মনোৰঞ্জন দি অহা জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কেৰিয়াৰ সৰ্বস্ব ত্যাগ কৰি সন্যাস লোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। সন্যাস গ্ৰহণৰ পিছতে হিমালয়লৈ তীৰ্থযাত্ৰা আৰম্ভ কৰিছে নুপূৰ আলংকাৰে।

এক সাক্ষাৎকাৰত এই কথা নিজেই সদৰী কৰি অভিনেত্ৰীগৰাকীয়ে কয়, ‘মই ফেব্ৰুৱাৰী মাহতে সন্যাস গ্ৰহণ কৰিছিলো। এতিয়া মই তীৰ্থযাত্ৰাত ব্যস্ত। আৰ্তজনক সহায় কৰাটোৱেই এতিয়া মোৰ জীৱনৰ লক্ষ্য। আধ্যাত্মিকতাৰ প্ৰতি সদায় মোৰ এক প্ৰৱণতা আছিল। যাৰ বাবে মই সেয়া অনুসৰণো কৰি আহিছিলো। কিন্তু এতিয়া মই মোৰ সৰ্বস্ব সম্পূৰ্ণ আধ্যাত্মিকতাৰ প্ৰতি সঁপি দিছো। মোক এটা নতুন পথ দেখুৱাই দিয়াৰ বাবে গুৰু শম্ভূ শৰণ ঝাৰ মই আজীৱন কৃতজ্ঞ হৈ থাকিম।’

image 147
২৭ বছৰীয়া অভিনয় কেৰিয়াৰ ত্যাগ কৰি সন্যাস ল’লে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে, যাত্ৰা কৰিলে হিমালয়লৈ… 5

নিজৰ তীৰ্থভ্ৰমণ তথা যাৱতীয় খৰছৰ বাবে তেওঁৰ মুম্বাইস্থিত বাসগৃহটো ভাড়াত দিছে বুলিও জানিবলৈ দিয়ে অভিনেত্ৰীগৰাকীয়ে। কিন্তু অভিনেত্ৰী গৰাকীয়ে কিয় সন্যাস ল’লে? সেই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘বহুতেই ভাৱিছে মই আৱেগিকভাৱে ভাগি পৰি এই সিদ্ধান্ত লৈছো, কিন্তু সেয়া ভুল। মই কেৱল শান্তি বিচাৰিছো।’

উল্লেখ্য যে, সমগ্ৰ বিশ্বজুৰি কোভিড-১৯ৰ আতংকৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল অভিনেত্ৰী নুপূৰ আলংকাৰ। সেই সময়ত তেওঁৰ অসুস্থ মাতৃৰ বাবে দৰৱ কিনিবলৈও তেওঁৰ হাতত ধনৰ অভাৱ হৈছিল। মাতৃৰ সৈতে ব্যস্ত থকাৰ বাবেই তেওঁ অভিনয় জীৱনৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাত সৃষ্টি হৈছিল এই আৰ্থিক সংকটৰ।

image 148
২৭ বছৰীয়া অভিনয় কেৰিয়াৰ ত্যাগ কৰি সন্যাস ল’লে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে, যাত্ৰা কৰিলে হিমালয়লৈ… 6

এনে কাৰণতে লকডাউনৰ সময়ত নুপূৰে আনৰ পৰা আৰ্থিক সহায়ো বিচাৰিবলগীয়া হৈছিল। বহুতে কৰিছিলো। কিন্তু ২০২০ চনৰ ডিচেম্বৰত তেওঁৰ মাতৃৰ বিয়োগৰ পিছত যেন তেওঁ এই সংসাৰৰ বান্ধোনৰ পৰাই মুক্ত হৈ পৰে।

ইফালে নুপূৰে সন্যাস লোৱাৰ সিদ্ধান্তৰ কথা অৱগত কৰাত স্বামীগৃহইও তেওঁক সম্পূৰ্ণ সমৰ্থন জনোৱা বুলি মন্তব্য কৰে নুপূৰ আলংকাৰে।

প্ৰণিধানযোগ্য যে, ‘আগলে জনম মোহে বিতিয়া হি কিজো’, ‘ঘৰ কি লক্ষ্মী বেতিয়া’, ‘শক্তিমান’, ‘দিয়া ঔৰ বাতি হম’ আদি ধাৰাবাহিকৰ লগতে ‘কিউকি মে ঝুঠ নহী বোলতা’ৰ দৰে ছবিতো অভিনয় কৰি দৰ্শকৰ মাজত পৰিচিত হৈ পৰিছিল নুপূৰ শৰ্মাই। কিন্তু তেওঁ অভিনয় কেৰিয়াৰ ত্যাগ কৰি সন্যাস লোৱাৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।