অসম

২৬ ছেপ্তেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা ৬ জনগোষ্ঠী ঐক্য মঞ্চৰ…

২৬ ছেপ্তেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা।

৬ জনগোষ্ঠী ঐক্য মঞ্চই আহ্বান জনাইছে এই বন্ধৰ।

মৰাণত অনুষ্ঠিত হোৱা ৬ জনগোষ্ঠী ঐক্য মঞ্চৰ জৰুৰী কাৰ্যনিৰ্বাহকত লোৱা হয় এই সিদ্ধান্ত।

‘অসম বন্ধ’ কাৰ্যসূচীৰ সূচীৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কাৰ্যনিৰ্বাহক সভাই।

সেই অনুসৰি, ২২ ছেপ্তেম্বৰত দিছপুৰ বিধানসভা ঘেৰাও কাৰ্যসূচী গ্ৰহণ।

৯ অক্টোবৰত সমগ্ৰ অসমত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ।

১৫ অক্টোবৰত গোগামুখত গণ সমাৱেশৰ আয়োজন ঐক্য মঞ্চৰ।

১৫ নৱেম্বৰত দিল্লীত ছয় জনগোষ্ঠীৰ গণ বিক্ষোভ কাৰ্যসূচী।

মোডীৰ জন্ম দিৱসলৈকে ধাৰাবাহিকভাৱে ক’লা দিৱস পালন জনগোষ্ঠী ঐক্য মঞ্চৰ।

৬ জনগোষ্ঠীৰ জনজাতিকৰণ নকৰাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ৬ জনগোষ্ঠী ঐক্য মঞ্চৰ।

Related Articles

Back to top button