২৬ ছেপ্টেম্বৰত আহ্বান জনোৱা অসম বন্ধ প্ৰত্যাহাৰ ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ…

নিউজ ডেস্কঃ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ২৬ ছেপ্টেম্বৰত আহ্বান জনোৱা অসম বন্ধ প্ৰত্যাহাৰ ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ।

মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পিছতে বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ।

উল্লেখ্য যে, অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰাৰ লৈ ৰাজ্যজুৰি ক্ষোভিত হৈ পৰিছিল জনগোষ্ঠীয় সংগঠনসমূহ।

যাৰ বাবে ২৬ ছেপ্টেম্বৰত অসম বন্ধৰ আহ্বান জনাই আন্দোলনৰ বাবে সাজু হৈছিল ছয় জনগোষ্ঠী ঐক্যমঞ্চ।

কিন্তু শুকুৰবাৰে বিয়লিৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয় সংগঠনৰ নেতৃত্ব।

আলোচনাত মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পিছতে অসম বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত লয় ছয় জনগোষ্ঠী ঐক্যমঞ্চই।

এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকাও।