২৫ অক্টোবৰৰ পৰা বন্ধ হ’ব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া আঞ্চলিক বাতৰি…

আকাশবাণী ডিব্ৰুগড় কেন্দ্রযোগে প্রতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা আঞ্চলিক বাতৰিৰ প্ৰচাৰ অহা ২৫ অক্টোবৰৰ পৰা বন্ধ হ’ব।

প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে কালি এই সন্দৰ্ভত জাননী জাৰি কৰিছে।

সেইমর্মে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন এতিয়াৰ পৰা বন্ধ হৈ যাব।

উল্লেখ্য যে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ১৯৯৭ চনৰ ১১ জুনৰ পৰা নিজাববীয়াকৈ পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন প্ৰচাৰ কৰি আহিছিল। প্ৰসাৰ ভাৰতীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা ২৪ অক্টোবৰৰ সন্ধিয়া ৬ বজাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বুলেটিনখনেই হ’ব শেষ বুলেটিন।

তদানীন্তন প্রধানমন্ত্রী ইন্দ্ৰ কুমাৰ গুজৰালে ব্ৰডগজ ৰে’লৱে লাইন সম্প্ৰসাৰণৰ উদ্বোধনৰ বাবে ডিব্ৰুগড়লৈ অহাৰ সময়ত ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি শীঘ্ৰেই আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছিল। তাৰ পিচতে ১৯৯৭ চনৰ ১১ জুনৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই অসমীয়া বাতৰি প্ৰচাৰ কৰি আহিছিল।

উজনি অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে কেন্দ্ৰটোৰ পৰা প্ৰচাৰিত হৈ থকা আঞ্চলিক বুলেটিনখনৰ সময়সীয়া দহ মিনিটলৈ বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছিল। কিন্তু তাৰ বিপৰীতে প্ৰসাৰ ভাৰতীয়ে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত হৈ অহা অসমীয়া বাতৰি বন্ধ কৰাৰ জাননী জাৰি কৰাটোৱে স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

সচেতন মহলে এইক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মা আৰু ৰাজ্যখনৰ সাংসদসকলৰ হস্তক্ষেপ কামনা কৰিছে।

জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দি অহা ৰাজ্য চৰকাৰখনে কেন্দ্ৰটোৰ পৰা প্ৰচাৰিত হৈ অহা আঞ্চলিক ভাষাৰ বুলেটিনখন বাহাল ৰখাৰ ক্ষেত্ৰত কেন্দ্ৰত অধিষ্ঠিত নিজ দলৰ চৰকাৰখনক সৈমান কৰাব বুলি ৰাইজে আশা কৰিছে।

জানিব পৰা মতে ব্যয় সংকোচনৰ দোহাই দি প্ৰসাৰ ভাৰতীয়ে ডিব্ৰুগড়ৰ পৰা প্ৰচাৰিত হৈ অহা বুলেটিনখন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হৈ অহা আঞ্চলিক বাতৰিৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছে।

প্ৰসাৰ ভাৰতীৰ এই নিৰ্দেশনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।