২৪ ঘণ্টাৰ ভিতৰতে দ্বিতীয়টো দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, কমেও ৫ জনৰ মৃত্যু

নিউজ ডেস্কঃ ২৪ ঘণ্টাৰ ভিতৰতে দ্বিতীয়টো বাছ দুৰ্ঘটনাই শোকস্তব্ধ কৰি তুলিছে জম্মু-কাশ্মীৰ। বুধবাৰে পুঞ্চ জিলাত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত ১২ জনকৈ লোকৰ মৃত্যু ঘটাৰ পিছত বৃহস্পতিবাৰে সংঘটিত হয় আন এক ভয়ংকৰ বাছ দুৰ্ঘটনা।

জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ ৰাজৌৰীত বৃহস্পতিবাৰে পুৱা সংঘটিত এক ভয়ানক বাছ দুৰ্ঘটনাত ৫ জন লোক নিহত হোৱাৰ লগতে কমেও ২৫ জন লোক আহত হয়।

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। এতিয়ালৈকে বাছখনৰ ভিতৰৰ পৰা ৫ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে।

image 117
২৪ ঘণ্টাৰ ভিতৰতে দ্বিতীয়টো দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, কমেও ৫ জনৰ মৃত্যু 2

বাতৰি অনুসৰি, পুৱা যাত্ৰীবাহী বাছখন জম্মুৰ পৰা পুঞ্চ অভিমুখে গৈ থকা সময়তে ৰাজৌৰিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাক লোক শোক ব্যক্ত কৰিছে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই। আহত সকলক সকলো ধৰণে সহায় কৰিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বুধবাৰে পুঞ্চত সংঘটিত হৈছিল এক বৃহৎ পথ দুৰ্ঘটনা। পুঞ্চৰ মাণ্ডী তহচিলৰ সীমান্তৱৰ্তী সাভজিয়ানৰ বুঢ়ী নালা অঞ্চলত ৪০ জন যাত্ৰী কঢ়িয়াই নিয়া এখন মিনি বাছে নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ ফুট দ খাৱৈত বাগৰি পৰাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসহ ১২ জন লোকৰ মৃত্যু ঘটিছিল। এই দুৰ্ঘটনাত ২৮ জন যাত্ৰীও গুৰুতৰভাৱে আহত হৈছিল।