Skip to toolbar
Mon. Sep 21st, 2020

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্ৰমে ৰাজ্যসমূহত বিদ্যালয় খোলাৰ চিন্তাচৰ্চা কৰিছে।

সেই অনুসৰি ২১ ছেপ্টেম্বৰৰ পৰা ভাৰতত আৰম্ভ হ’ব শিক্ষানুষ্ঠান।

অসমতো ২১ ছেপ্তেম্বৰৰ পৰা পৰ্যায়ক্ৰমে বিদ্যালয়সমূহ খোলাৰ কথা প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু বৰ্তমানে কেৱল নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানহে আৰম্ভ হ’ব।

ইয়াৰ বাবে সকলো শিক্ষাৰ্থীয়ে মানিব লাগিব ক’ভিডৰ সকলো নিয়ম।

বিদ্যালয় সমূহ খোলাৰ পূৰ্বে ছেনিটাইজ কৰিব লাগিব বিদ্যালয়সমূহ।

লগতে কৰ্মচাৰী-শিক্ষকসকলেও মানি চলিব লাগিব চৰকাৰৰ নিৰ্দেশনা।

৬ ফুট দূৰত্বত অৱস্থান কৰিব লাগিব ছাত্ৰী-ছাত্ৰীসকল।

পিছে সকলো শিক্ষাৰ্থীয়ে নহয় ৫০ শতাংশ বা অনলাইন শিক্ষাৰ পৰা বঞ্চিত শিক্ষাৰ্থীসকল আহিব পাৰিব বিদ্যালয়লৈ।

সম্পূৰ্ণ স্ব-ইচ্ছাৰে শ্ৰেণীত অংশ ল’ব পাৰিব ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে।

ছাত্ৰ-ছাত্ৰীসকলে ফেচ কাভাৰ বা মাস্ক পৰিধান কৰিব লাগিব।

ছাত্ৰ-ছাত্ৰী বা কৰ্মচাৰীৰ বায়মেট্ৰিকছ উপস্থিতি প্ৰযোজ্য নহয় বিদ্যালয়ত।

এজন ছাত্ৰই আনজন ছাত্ৰক দিব নোৱাৰিব কোনোধৰণৰ নোটবহী, কলম, পেঞ্চিল বা শৈক্ষিক সামগ্ৰী।

পুৱাৰ প্ৰাৰ্থনা বা একেলগে সমবেত হোৱাত নিষেধাজ্ঞা।