২১ আৰু ২৮ আগষ্টত অসমত দুদিনৰ বাবে বন্ধ থাকিব ইণ্টাৰনেট সেৱা, মুখ্যমন্ত্ৰীৰ ঘোষণা…

২১ আৰু ২৮ আগষ্টত কৰ্তন কৰা হ’ব ইন্টাৰনেট সেৱা।

ৰাতিপুৱা দুঘন্টা আৰু আৱেলি দুঘণ্টাৰ বাবে কৰ্তন কৰা হ’ব মোবাইল ইন্টাৰনেট সেৱা।

ৰাতিপুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা বিয়লি ৪ বজালৈ নাথাকিব ইন্টাৰনেট।

অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ম’বাইল ইণ্টাৰ বন্ধ ৰখাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

WhatsAppত প্ৰশ্নকাকত লিক নহ’বলৈ দুঘণ্টাৰ বাবে কঠোৰ হ’ব চৰকাৰ।

লগতে মুখ্যমন্ত্ৰীয়া কয়- এটা মাত্ৰ ভুলৰ বাবে গোটেই খেলিমেলি হৈ যায়। ২৬ হাজাৰ চাকৰিত খেলিমেলি হ’লে দায়বদ্ধ হ’ব উপায়ুক্ত। এইটো কেৱল পৰীক্ষাই নহয়, চৰকাৰখনক ন ৰূপ দিয়াৰ সময়।

উল্লেখ্য যে, ২১ আগষ্টত চতুৰ্থ বৰ্গৰ আৰু ২৮ আগষ্টত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব।