অসম

২১৯ খন আবেদনৰ ভিত্তিত আজি উচ্চতম ন্যায়ালয়ত হ’ব নাগৰিকত্ব সংশোধনী আইনৰ শুনানি…

আজি উচ্চতম ন্যায়ালয়ত হ’ব নাগৰিকত্ব সংশোধনী আইনৰ শুনানি।

তিনি জনীয়া বিচাৰপিঠে গ্ৰহণ কৰিব এই শুনানি।

উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ নেতৃত্বত গঠন কৰা তিনিজনীয়া বিচাৰপিঠৰ উপস্থিতিত অনুষ্ঠিত হ’ব কেবৰ শুনানি।

২০১৯ চনৰ ১২ ডিছেম্বৰত লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত বিলৰ পৰা আইনলৈ পৰিৱৰ্তিত হৈছিল কেব।

উল্লেখ্য যে, বহু বিতৰ্কিত এই আইনখন বলৱৎ কৰাৰ বিৰুদ্ধে তুমুল প্ৰতিবাদ সংঘটিত হৈছিল সমগ্ৰ দেশত।

অসমত আৰম্ভ হোৱা এই আন্দোলন পৰৱৰ্তী কালত সমগ্ৰ দেশতে বিয়পি পৰে।

বৰ্তমান ২১৯ খন আবেদনৰ ভিত্তিত অনুষ্ঠিত হ’ব এই শুনানি।

কেৱল অসমবাসীৰ বাবেই নহয় সমগ্ৰ ভাৰতবাসীৰ বাবেই আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰিণ দিন। কাৰণ ভাৰতৰ প্ৰথমখন আইন যি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা হৈছিল।

প্ৰায় ২ বছৰৰ পাছত আজি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি।

Related Articles

Back to top button