অসম

২০ টকীয়া পানী বটলত ৫৯ টকা লৈ ১৫ হাজাৰ টকা জৰিমণা ভৰিলে গুৱাহাটীৰ এইখন ৰেষ্টুৰেণ্টে…

সচৰাচৰ আমি ব্যৱহাৰ কৰা পানী বটলৰ ১ লিটাৰৰ দাম কিমান আপুনি নিশ্চয় জানে।

আপোনাৰো নিশ্চয় অভ্যাস আছে আধা লিটাৰৰ পানী বটল ১০ টকা আৰু ১ লিটাৰৰ পানী বটল ২০ টকাৰে কিনি খোৱা।

কিন্তু গুৱাহাটীত এনে কিছুমান হোটেল-ৰেষ্টুৰেণ্ট আছে য’ত একেই ধৰণৰ এবটল পানীৰ দাম উপৰোক্ত দামৰ দুগুনতকৈ অধিক লোৱা দেখা যায়।

তেনেদৰেই এইবাৰ গ্ৰাহকৰ পৰা দাম বেছিকৈ লৈ জৰিমণা ভৰিলে এখন ৰেষ্টুৰেণ্টে।

২০ টকীয়া পানী বটলত ৫৯ টকা লৈ ১৫ হাজাৰ টকা জৰিমণা ভৰিলে গুৱাহাটীৰ এখন ৰেষ্টুৰেণ্টে।

চানমাৰিৰ গ্ৰাহক আদালতে বৃহস্পতিবাৰে গ্ৰাহকক 15 হাজাৰ টকা ক্ষতিপুৰণৰ নিৰ্দেশ দিয়ে।

লিখিত দামতকৈ অধিক ধন গ্ৰাহকৰ পৰা আদায় কৰা বাবে ‘দ্যা গুৱাহাটী এড্ৰেছ’ নাৰ ৰেষ্টুৰেণ্টখনক বৃহস্পতিবাৰে ১৫ হাজাৰ টকাৰ জৰিমণা বিহে কামৰূপ জিলা আদালতে।

২০টকা মূল্যৰ এটা পানীৰ বটলত গ্ৰাহকৰ পৰা ৫৯ টকা আদায় কৰাৰ বাবে আদালতে বিহিছে এই জৰিমণা।

Related Articles

Back to top button