২০ আগষ্টৰ পৰা পালন কৰা হ’ব অৰুণোদয় মাহঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

‘২০ আগষ্টৰ পৰা পালন কৰা হ’ব এমহীয়া অৰুণোদয় মাহ।’
‘২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈ হিতাধিকাৰীৰ ওপৰত নিৰীক্ষণ হ’ব’
‘২০ ছেপ্টেম্বৰৰ পৰা ২০ অক্টোবৰলৈ নতুন ৮ লাখ হিতাধিকাৰী লোৱা হ’ব’
নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
তেওঁ কয়- ‘অৰুণোদয় মাহ উদযাপনৰ সময়ত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ এক সমীক্ষা চলাব। এই সমীক্ষাৰ সময়ত শিক্ষাৰ্থীসকলে হিতাধিকাৰীজন জীয়াই আছে নে নাই, বা পূৰ্বে যি কাৰণত এই ধন লাভ কৰিছিল সেই পৰিৱেশটো এতিয়াও আছে, নে পৰিৱেশ উন্নত হৈছে সেয়া নিৰীক্ষণ কৰিব।’
সমীক্ষাৰ সময়ত যদি হিতাধিকাৰীৰ আৰ্থিক অৱস্থা উন্নত হৈছে অৰ্থাৎ যদি কোনো হিতাধিকাৰীয়ে চৰকাৰী চাকৰি পালে, গাড়ী কিনিছে তেন্তে তেওঁলোকৰ নাম কৰ্তন কৰি আন দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব।
ইয়াৰ বাবে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অহা ৫ আগষ্টলৈকে প্ৰশিক্ষণ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।
তেওঁ কয়- ২০ আগষ্টৰ পৰা ২০ ছেপ্তেম্বৰলৈকে অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰ কাম চলিব।আনহাতে ২০ ছেপ্তেম্বৰৰ পৰা ২০ অক্টোবৰলৈকে নতুন হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তৰ কাম আৰম্ভ হ’ব।