২০ আগষ্টৰ পৰা অৰুণোদয় মাহ! কোন হিতাধিকাৰীৰ কৰ্তন হ’ব পাৰে আঁচনিৰ ধন ? ক’লে মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্কঃ ২০ আগষ্টৰ পৰা ৰাজ্যত এমহীয়াকৈ পালন কৰা হ’ব অৰুণোদয় মাহ। – এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

নতুন দিল্লীত সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ ঘৰে ঘৰে হৈ পৰিস্থিতি নিৰীক্ষণ কৰা হ’ব।

ইয়াৰ বাবে ৫ আগষ্টলৈকে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব কলেজীয়া ছাত্ৰ-ছাত্ৰীক। যদি কোনো হিতাধিকাৰীৰ আৰ্থিক পৰিস্থিতি আগতকৈ স্বচ্ছল হৈছে, বা পৰিয়ালৰ কোনো সদস্যই চৰকৰী চাকৰি লাভ কৰিছে বা গাড়ী ক্ৰয় কৰিছে, তেন্তে তেনে হিতাধিকাৰীৰ অৰুণোদয় আঁচনি কৰ্তন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী জানিবলৈ দিয়ে।

আনহাতে কোনো হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি কৰ্তনৰ বাবে নিজেও আবেদন কৰিব পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

ইফালে এমহীয়া নাম কৰ্তনৰ পিছতে ২০ ছেপ্তেম্বৰৰ পৰা ২০ অক্টোবৰলৈ প্ৰায় ৮ লাখ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভূক্ত কৰা হ’ব বুলি জনায় মুখ্যমন্ত্ৰীয়ে।