fbpx
অসমীয়াঅসম

২০২৪ৰ পৰা ৰাজহুৱা কৰা নহয় মেট্ৰিক-হায়াৰ চেকণ্ডাৰী পৰীক্ষাৰ ফলাফলঃ ঘোষণা শিক্ষামন্ত্ৰীৰ

নিউজ ডেস্কঃ ২০২৪ৰ পৰা ৰাজহুৱা কৰা নহয় মেট্ৰিক আৰু হায়াৰ চেকণ্ডাৰী পৰীক্ষাৰ ফলাফল। এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ।

শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে পৰীক্ষাৰ ফলাফল শিক্ষাৰ্থীসকলৰ একান্তই ব্যক্তিগত বিষয় আৰু এই সন্দৰ্ভত ওচৰ-চুবুৰীয়া বা আন কোনোৱে জনাৰ প্ৰয়োজন নাথাকে।

সেইবাবেই ২০২৩-২৪ৰ ভিতৰত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ৰাজহুৱাকৈ ঘোষণা কৰাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীক মোবাইলযোগে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

এই সন্দৰ্ভত তেওঁ বোৰ্ডৰ সৈতে আলোচনা কৰা বুলি সদৰী কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ্থীসকলে নিজৰ ফলাফল নিজেই লাভ কৰিব পাৰিব আৰু তেওঁ উত্তীৰ্ণ হৈছে নে অনুত্তীৰ্ণ হৈছে সেয়া নিজেই জানিব পাৰিব।

অৱশ্যে শীৰ্ষ ১০টা স্থান লাভ কৰা শিক্ষাৰ্থী সকলৰ নাম, অথবা যিজন শিক্ষাৰ্থীৰ ফলাফলেৰে শিক্ষানুষ্ঠানখন গৌৰৱাম্বিত হয় তেনে শিক্ষাৰ্থীৰ ফলাফলৰ লগতে উত্তীৰ্ণ-অনুত্তীৰ্ণৰ হাৰ আদি পৰিসংখ্যা পূৰ্বৰ দৰেই ৰাজহুৱা কৰা হ’ব বুলি ঘোষণা কৰে ৰণোজ পেগুৱে।

প্ৰণিধানযোগ্য যে, ৰাজ্যত প্ৰতিবছৰে ঘোষণা হোৱা বিভিন্ন পৰীক্ষাৰ ফলাফলত সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰি বহু ছাত্ৰ-ছাত্ৰীয়ে নল’বলগীয়া সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হয়।

এনে পৰিপ্ৰেক্ষিতত শিক্ষামন্ত্ৰীগৰাকীয়ে কৰা সিদ্ধান্তই আগন্তক সময়ত ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰাৰ বাবেই ভুল পথ বাচি লোৱাৰ পৰা বিৰত ৰাখিব বুলি আশা প্ৰকাশ কৰিছে বহুতে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!