অসম
২০২৩ চনত প্ৰকাশ পাব জুবিন গাৰ্গৰ আত্মজীৱনী ‘ইউকেলিপ্টাছ’

অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জুবিন গাৰ্গৰ৷
নতুন বৰ্ষত নতুন পৰিকল্পনাৰ কথা প্ৰকাশ কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে।
এই নতুন বছৰতে জুবিন গাৰ্গে অসমবাসীক উপহাৰ দিব দুখনকৈ নতুন ছবি।
১৮ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ ‘যোদ্ধা’৷
আনহাতে ২০২৩ চনত জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন প্ৰকাশ কৰিব জুবিনৰ আত্মজীৱনী৷
আত্মজীৱনীখনৰ নাম হ’ব ‘ইউকেলিপ্তাছ’। ইংৰাজী অনুবাদো কৰা হ’ব ইউকেলিপ্টাছৰ।
ইয়াৰোপৰি, আত্মজীৱনীখনৰ এটি শ্ৰব্য সংকলনো উলিয়াব জুবিনে।
আত্মজীৱনীত নাথাকিব কোনো গোপনীয়তা ৷
ইফালে পৰৱৰ্তী সময়ত গ্ৰাম্য ক্ৰীড়াৰ ক্ষেত্ৰত ল’ব বিশেষ পদক্ষেপ হিচাপে ‘খেৰৰ ওপৰত ফুটবল’ খেলৰ আয়োজন কৰাৰ কথা প্ৰকাশ কৰি ৰঙিয়াত প্ৰথম খন ষ্ট্ৰ’ ফুটবল মেচ হ’ব বুলিও প্ৰকাশ কৰে।