অসম

২০২২ বৰ্ষৰ সাংবাদিক পেন্সন ঘোষণা, এইবাৰ কোন কোন নিৰ্বাচিত..?

অসম সাংবাদিক পেন্সন আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ সাংবাদিক পেন্সন ঘোষণা।

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ জৰিয়তে প্ৰদান কৰিবলগীয়া এই পেন্সন চলিত ২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হ’ব।

চলিত বৰ্ষত ২০ গৰাকী অৱসৰী সাংবাদিকে লাভ কৰিব এই সাংবাদিক পেঞ্চন।

বাচনিকৃত ২০ গৰাকী অৱসৰী সাংবাদিক হৈছে- উৎপল বৰদলৈ (কামৰূপ মহানগৰ), প্রদীপ ঘোষ (দৰং), মছলেম উদ্দিন আহমেদ (ধুবুৰী), মাহতাবুৰ ৰহমান (কৰিমগঞ্জ), ৰাতুল বৰা (যোৰহাট), জয়ন্ত কুমাৰ দাস (কামৰূপ মহানগৰ), ইমৰান হুছেইন (ওদালগুৰি), বাচা বৰা (চৰাইদেউ), পদ্ম সিং (কামৰূপ মহানগৰ), গৌৰেন্দু চক্ৰৱৰ্তী (কামৰূপ মহানগৰ), মণি শংকৰ পুৰকায়স্থ (কাৰবি আংলং) মদন মোহন অধিকাৰী (কাছাৰ), ৰামলাল সিন্হা (কামৰূপ মহানগৰ), বিনয় কুমাৰ শৰ্মা (কামৰূপ মহানগৰ), ৰবীন বৰুৱা (কাৰবি আংলং), সমীন্দ্ৰ নাথ (কামৰূপ মহানগৰ), ঈশ্বৰ প্ৰসাদ তামুলী (গোলাঘাট), কুমুদ চন্দ্ৰ ডেকা (নলবাৰী), ললিত চন্দ্ৰ কলিতা (কামৰূপ মহানগৰ), আৰু ৰত্নেশ কুমাৰ (কামৰূপ মহানগৰ)।

উল্লেখ্য যে অসম চৰকাৰে ২০১৭–১৮ বৰ্ষৰ পৰা আৰম্ভ কৰা এই আঁচনি অনুসৰি প্ৰতিবছৰে ২০ গৰাকীকৈ সাংবাদিকক তেওঁলোকৰ আবেদনৰ ভিত্তিত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে বাছনি কৰা হয়।

এনেদৰে যোৱা ৫ বছৰ মিলি মুঠ ১০০ গৰাকী সাংবাদিকে এতিয়ালৈ প্ৰতিমাহে ৮,০০০ টকাকৈ এই পেন্সন লাভ কৰি আছে। চলিত বৰ্ষত বাছনি কৰা ২০ গৰাকীৰে এই সংখ্যা ১২০ হৈছে।

Related Articles

Back to top button