২০২২ বৰ্ষত ৭২খন কেবিনেট বৈঠক অনুষ্ঠিত কৰি অভিলেখ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ! গ্ৰহণ কৰা হ’ল ৯৬৬টা সিদ্ধান্ত…

নিউজ ডেস্কঃ ২০২২ বৰ্ষত ৭২ খন কেবিনেট বৈঠক অনুষ্ঠিত কৰি অভিলেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ।

এই কেবিনেট বৈঠকত ৯৬৬টা সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে।

ইয়াৰে ৮৬.০৩ শতাংশ সিদ্ধান্ত ইতিমধ্যে ৰূপায়ণ কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ইয়াৰোপৰি ১৮৯ খন মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ বিভাগীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হোৱা বুলিও জনায় শৰ্মাই।

পৰ্যালোচনা বৈঠকত ২৭৫২ টা বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল।