২০২২ চনৰ পৰা উত্তৰ-পূবৰ এইখন ৰাজ্যত নিষিদ্ধ হ’ব প্লাষ্টিকৰ বটল…

প্ৰকৃতি সংৰক্ষণ বাবে উত্তৰ-পূবৰ ৰাজ্য ছিকিমে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

পাহাৰীয়া ৰাজ্য ছিকিমত ২০২২ চনৰ পৰা প্লাষ্টিকৰ বটলৰ ব্যৱহাৰ নিষিদ্ধ কৰা হ’ব।

ছিকিম পৰ্যটন ব’ৰ্ডে মূলত পৰিবেশ সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যখনত এবাৰ ব্যাৱহাৰ্য্য প্লাষ্টিকৰ বটলৰ ব্যাৱহাৰ ২০২২ চনৰ পৰা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাজ্যখনৰ ‘হোম ষ্টে’কে আদি কৰি সকলো পৰিবহনৰ ব্যাৱস্থা কৰা সংস্থাক ২০২২ চনৰ পৰা সম্পুৰ্ণৰূপে প্লাষ্টিকৰ পানীৰ বটলৰ ব্যাৱহাৰ নকৰিবলৈ আহ্বান জনাইছে ৰাজ্যখনৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মাৰ্কাছ পি ৰায়ে।

চলিত বৰ্ষৰ অক্টোবৰ মাহতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ২০২২ চনৰ পৰা ছিকিমত এবাৰ ব্যাৱহাৰ্য্য প্লাষ্টিকৰ পানীৰ বটলৰ ব্যাৱহাৰ নিষিদ্ধ কৰা হ’ব বুলি ঘোষণা কৰিছিল।

Leave a Comment