২০১৯-২০ আৰু ২১ বৰ্ষৰ সংগীত-নাটক একাডেমী বঁটা ঘোষণা, অসমৰ কেইবাগৰাকী শিল্পীলৈ এই সন্মান

২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ঘোষণা।
অসমৰ কেইবাগৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে এই সন্মান।
ইয়াৰ ভিতৰত ১০ গৰাকীয়ে সংগীত-নাটক অকাডেমী বঁটা লাভ কৰাৰ বিপৰীতে সংগীত-নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খাঁ বঁটা (যুৱ) লাভ কৰিছে।

সত্ৰীয়া নৃত্যৰ প্ৰসিদ্ধ শিল্পী ৰঞ্জুমণি শইকীয়া, সুদক্ষ নাট্যকাৰ–পৰিচালক অবিনাশ শৰ্মা, অভিনেতা প্ৰাঞ্জল শইকীয়া, অংকীয়া ভাওনাৰ সংগীত আৰু পৰিচালনাৰ সৈতে জড়িত বিশিষ্ট শিল্পী গুণীন্দ্ৰনাথ ওজা, প্ৰসিদ্ধ বিহুৱা প্ৰসন্ন গগৈয়ে লাভ কৰিছে সংগীত-নাটক একাডেমী বঁটা।

লগতে সত্ৰীয়া নৃত্যৰ প্ৰসিদ্ধ শিল্পী হৰি বৰা বৰবায়ন, ব্যাস ওজাপালিৰ বিশিষ্ট শিল্পী ধৰ্মেশ্বৰ নাথ ওজা, সত্ৰীয়া ওজাপালিৰ (ব্যাস কীৰ্তন) প্ৰসিদ্ধ শিল্পী গুৰুপ্ৰসাদ ওজা, বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ড আৰু অসমৰ লোকসংগীত আৰু নৃত্যৰ বিশিষ্ট শিল্পী মাখন চন্দ্ৰ বৰাই লাভ কৰিছে সন্মানীয় সংগীত-নাটক একাডেমী বঁটা।

উল্লেখ্য যে, এইবাৰ ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ বঁটাসমূহ একেলগে ঘোষণা কৰিছে সংগীত-নাটক একাডেমীয়ে।

২০১৯ চনৰ বাবে ‘ওস্তাদ বিছমিল্লাহ খাঁ’ বঁটা লাভ কৰিছে অসমৰ প্ৰভাত কাকতিয়ে।
২০২০ চনৰ বাবে এই বঁটা লাভ কৰিছে জলীমণি শইকীয়া (সত্ৰীয়া), মানস কুমাৰ চমুৱা (বেহেলা) আৰু হিমাংশু শৰ্মাই (নাট পৰিচালনা)।

আনহাতে ২০২১ চনৰ বাবে ‘বিছমিল্লাহ খাঁ’ বঁটা লাভ কৰিছে সত্ৰীয়া নৃত্যৰ দুই শিল্পী দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰাই।
বঁটাপ্ৰাপক সকলক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জ্ঞাপন কৰিছে অভিনন্দন