২০০ গৰাকী বিধায়কলৈ ব্যয়বহুল আইফোন-১৩ উপহাৰ চৰকাৰৰ…

ৰাজস্থানৰ ২০০ গৰাকী বিধায়কে গেহলট চৰকাৰৰ পৰা লাভ কৰিলে আইফোন-১৩ উপহাৰ।

বুধবাৰে বিধানসভাত ৰাজ্যিক বাজেট দাখিলৰ পিছতে বিধানসভাৰ প্ৰতিগৰাকী সদস্যক একোটাকৈ আইফোন-১৩ উপহাৰ হিচাপে প্ৰদান কৰে অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে।

সাধাৰণতে, বাজেট দাখিলৰ পিছত বিধায়কসকলে সদন এৰাৰ সময়ত তেওঁলোকক এটা ব্ৰীফকেছৰ ভিতৰত বাজেটৰ একোখনকৈ প্ৰতিলিপি প্ৰদান কৰা হয়। কিন্তু এইবাৰ গেহলট চৰকাৰে বিধায়ক সকলক স্মাৰ্ট লেডাৰৰ ভিতৰত বাজেটৰ প্ৰতিলিপিৰ লগতে প্ৰদান কৰে একোটাকৈ আইফোন-১৩।

FMVAUWEaQAIgZqL
২০০ গৰাকী বিধায়কলৈ ব্যয়বহুল আইফোন-১৩ উপহাৰ চৰকাৰৰ… 3

উল্লেখ্য যে, যোৱাবছৰ বাজেট অধিৱেশনৰ সময়ত বিধায়কসকলক একোটাকৈ আইপেড প্ৰদান কৰিছিল গেহলট চৰকাৰে।

এইবাৰ বিধায়কসকলক প্ৰদান কৰা আইফোন-১৩ প্ৰতিটোৰ মূল্য ৭৫ হাজাৰ টকাৰ পৰা ১ লাখ টকা বুলি ধৰা হৈছে। যাৰ বাবে চৰকাৰে এইবাৰ ব্যয় কৰে ১.৫ কোটি টকা।

ইফালে চৰকাৰৰ পৰা আইফোন উপহাৰ লাভ কৰি অধিকাংশ বিধায়কে আনন্দ প্ৰকাশ কৰে যদিও বিৰোধী দল বিজেপিয়ে চৰকাৰে প্ৰদান কৰা এই উপহাৰ উভতাই দিয়াৰ সিদ্ধান্ত লৈছে।

FMRq65gacAIU4Z
২০০ গৰাকী বিধায়কলৈ ব্যয়বহুল আইফোন-১৩ উপহাৰ চৰকাৰৰ… 4

এগৰাকী বিজেপি বিধায়কে জানিবলৈ দিয়া মতে, ৰাজস্থান চৰকাৰৰ ওপৰত থকা বৃহৎ ঋণৰ বোজাৰ পৰিপ্ৰেক্ষিতত দলটোৰ আটাইকেইজন বিধায়কে আলোচনা কৰি চৰকাৰৰ উপহাৰ উভতাই দিয়াৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে, ৰাজস্থান বিধানসভাত বিজেপিৰ মুঠ ৭১ জন বিধায়ক আছে।

আনহাতে বুধবাৰে ৰাজ্য চৰকাৰে দাখিল কৰা বাজেট ৰাজ্যখনত অহা বছৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তত কৰা পৰিলক্ষিত হয়। চৰকাৰে সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ বাবে বাজেটত কেইবাখনো আঁচনি উত্থাপন কৰাৰ লগতে বিদ্যুৎ মাচুলৰ ওপৰত ৰাজসহায্য প্ৰদানৰ কথাও ঘোষণা কৰে।

আনহাতে চহৰৰ দৰিদ্ৰ লোকসকলৰ বাবে ১০০ দিনীয়া ‘মনৰেগা’ আঁচনিৰ জৰিয়তে কৰ্মসংস্থাপন দিয়া হ’ব বুলিও ২০২২-২৩ বৰ্ষৰ বাজেটত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। তদুপৰি চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নতুন পেঞ্চন নীতি সলনি কৰি পূৰ্বৰ দৰেই পেঞ্চন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনফালে প্ৰথমবাৰৰ বাবে গেহলট চৰকাৰে ৰাজ্যখনৰ কৃষকসকলৰ বাবে প্ৰস্তুত কৰিছে এখন সুকীয়া বাজেট। এই বাজেট অনুসৰি কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে ১১ খন নতুন আঁচনি গ্ৰহণ কৰা হৈছে।

ৰাজস্থান চৰকাৰে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দাখিল কৰা এই বাজেটক লৈ অৱশ্যে অসন্তুষ্টি ব্যক্ত কৰিছে বিজেপিয়ে। বিজেপিৰ মতে, চৰকাৰে বাজেটত প্ৰতিশ্ৰুতি প্ৰদান কৰিলেও বাস্তৱত সেয়া কাৰ্যকৰী কৰাত সফল নহয়।

Leave a Comment