fbpx
অসম

১ লাখ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছত সকলোৰে নাম-পৰিচয় সহ এখন কিতাপ প্ৰকাশ হ’বঃ মুখ্যমন্ত্ৰী

খানাপাৰাত ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ।

মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিতৰণ ১১টা বিভাগৰ ২২,৯৫৮টা পদৰ নিযুক্তি পত্ৰ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

জুলাই মাহৰ ১৫ তাৰিখৰ ভিতৰত পুনৰ ৭,৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

সেইদৰে জুলাই মাহৰে শেষৰ সপ্তাহত অনুষ্ঠিত হ’ব ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা।

লগতে তেওঁ কয় যে, যিদিনা এক লাখ নিযুক্তি সম্পূৰ্ণ হ’ব সেইদিনা চৰকাৰে এখন কিতাপ উলিয়াব, য’ত সকলোৰে নাম-পৰিচয় উল্লেখ কৰা হ’ব।

১৪মে,২০২২ত নিযুক্তি দিয়া সকলৰ ভিতৰত আছিল গৃহ বিভাগতঃ ৮,৮৬৭টা, প্ৰাথমিক শিক্ষাঃ ৭,৪২২টা, মাধ্যমিক শিক্ষাঃ ৩,৫১৭টা, উচ্চ শিক্ষাঃ ১২৪টা, জনস্বাস্থ্য কাৰিকৰীঃ ৩৩০টা, জলসম্পদঃ ১০৫টা, সমাজ কল্যানঃ ৬৯টা, স্বাস্থ্যঃ ২,৪১৯টা, কৃষিঃ ৫৫, পৰিৱেশ আৰু বনঃ ২৩, লোক নিৰ্মাণঃ ৮, খনি আৰ খনিজ পদাৰ্থঃ ২, শ্ৰমিক কল্যান বিভাগৰ ১৭টা পদ।

১লাখ নিযুক্তি কেতিয়া সম্পূৰ্ণ হয়, সেয়া সময়ে ক’ব। কিন্তু আৰম্ভণি ঘটিল। আজি সকলো হয়তো সুখী! চাকৰি পোৱা সকলে এটা ফুটাকড়ি নিদিয়াকৈ এই সুবিধা লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰীক হিয়া উজাৰি আৰ্শীবাদ দিছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!