অসম

১ জুনৰ পৰা বৃদ্ধি হ’ব বীমাৰ প্ৰিমিয়াম, দুই-চাৰিচকীয়া বাহন ক্ৰয়ত ব‍্যয় হ’ব অতিৰিক্ত ধন…

যদিহে আপুনি দুচকীয়া বা চাৰিচকীয়া বাহন ক্ৰয় কৰিম বুলি ভাবি আছে তেনেহলে বৃদ্ধি কৰি লওক বাজেট।

কিয়নো ৰাষ্ট্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ইয়াৰ শেহতীয়া অধিসূচনাত সকলো ধৰণৰ বাহনৰ বাবে তৃতীয় পক্ষৰ বীমাৰ প্ৰিমিয়াম বৃদ্ধিৰ বিষয়ে অৱগত কৰিছে।

উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এই মন্ত্ৰালয়ে বীমা নিয়ন্ত্ৰক আই.আৰ.ডি.এ.আই.ৰ সৈতে পৰামৰ্শৰ পিছত তৃতীয় পক্ষৰ বীমাৰ প্ৰিমিয়ামৰ হাৰ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। প্ৰিমিয়ামৰ এই বৰ্ধিত হাৰ জুনৰ ১ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব।

চৰকাৰে ১৫০-৩৫০ চিচি লৈকে বাইক আৰু স্কুটাৰৰ বাবে বীমা প্ৰিমিয়াম ১৩৬৬ টকালৈ হ্ৰাস কৰিছে যদিও ৩৫০ চিচিতকৈ অধিক ক্ষমতাৰ ইঞ্জিনৰ দুচকীয়া বাহনৰ বাবে, বীমা প্ৰিমিয়াম এতিয়া ২৮০৪ টকালৈ বৃদ্ধি কৰা হ’ব।

একে সময়তে, ৫ বছৰৰ বাবে একক প্ৰিমিয়ামত তৃতীয় পক্ষৰ বীমা ক্ৰয় কৰিবলৈ হ’লে ৭৫ চিচি লৈকে বাইক আৰু স্কুটাৰৰ বাবে ২৯০১ টকা, ৭৫-১৫০ চিচিৰ বাবে ৩৮৫১ টকা, ১৫০-৩৫০ চিচিলৈকে ৭৩৬৫ টকা আৰু তাৰ ওপৰৰ ক্ষমতাৰ বাহনৰ বাবে ১৫১১৭ টকা বহন কৰিব লাগিব ।

ঠিক একেদৰে গাড়ীৰ তৃতীয় পক্ষৰ বীমাও ব্যয়বহুল হ’ব ১ জুনৰ পৰা।

জাননী অনুসৰি, ১০০০ চিচি লৈকে ইঞ্জিন ক্ষমতা থকা গাড়ীৰ বীমা প্ৰিমিয়াম হ’ব ২০৯৪ টকা। ১০০০-১৫০০ চিচিলৈকে গাড়ীৰ বাবে, বীমা প্ৰিমিয়াম হ’ব ৩৪১৬ টকা।

অন‍্যহাতে ১৫০০ চিচিতকৈ অধিক ক্ষমতাৰ বাহনৰ বীমা প্ৰিমিয়াম পূৰ্বৰ ৭৮৯৭ টকাৰ পৰা ৭৮৯০ টকালৈ হ্ৰাস কৰা হ’ব।

চৰকাৰে বৈদ্যুতিক বাহনসমূহক এক ডাঙৰ উৎসাহ প্ৰদান কৰিছে। সেয়েহে, বৈদ্যুতিক বাহনৰ বীমা প্ৰিমিয়ামৰ ওপৰত ১৫% আৰু হাইব্ৰিড বৈদ্যুতিক গাড়ীৰ প্ৰিমিয়ামৰ ওপৰত ৭.৫ % ৰেহাই ঘোষণা কৰিছে।

ইয়াৰ উপৰিও, স্কুল বাছ আৰু ভিণ্টেজ কাৰৰ বীমা প্ৰিমিয়াম ক্ৰমান্বয়ে ১৫% আৰু ৫০% ৰেহাই ঘোষণা কৰিছে।

Related Articles

Leave a Reply

Back to top button