fbpx
অসমীয়াঅসম

১ এপ্ৰিলৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ ৮ খন জিলাত ৬ মাহৰ বাবে বৃদ্ধি পাব AFSPAৰ ম্যাদ…

নিউজ ডেস্কঃ ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ ৮খন জিলাত ৬ মাহৰ বাবে বৃদ্ধি কৰা হ’ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA।

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা এক অধিসূচনা অনুসৰি তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাচাওত বৃ্দ্ধি কৰা হ’ব AFSPA।

কিন্তু ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ পৰ্যালোচনাৰ পিছত ১ এপ্ৰিলৰ পৰা কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব এই আইন।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা ৯খন জিলা আৰু কাছাৰ জিলাৰ এটা মহকুমা বাদ দি সমগ্ৰ অসমৰ পৰা AFSPA প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল।

১৯৯০ চনৰ ২৭-২৮ নৱেম্বৰৰ মাজনিশা AFSPAৰ অধীনত ৰাজ্যখনক ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰা হৈছিল আৰু তাৰ পিছৰ পৰা প্ৰতি ছমাহৰ মূৰে মূৰে এই সময় বৃদ্ধি কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!