১੦ টকাৰ ঠাইত ৫੦ টকা! হঠাতে পাঁচগুণ বৃদ্ধি পালে প্লেটফৰ্ম টিকটৰ মূল্য

১੦ টকাৰ ঠাইত ৫੦ টকা! হঠাতে পাঁচগুণ বৃদ্ধি পালে প্লেটফৰ্ম টিকটৰ মূল্য

March 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। প্ৰতিটাে ক্ষেত্ৰতে ৰাজ্য নাইবা কেন্দ্ৰ চৰকাৰে নতুন নতুন কৰ আৰােপ কৰাৰ বাবে জনসাধাৰণ ভীষণ সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে।

ইয়াৰ মাজতে এইবাৰে একেবাৰে পাচগুণ বৃদ্ধি হ’ল প্লেটফ’ৰ্মৰ টিকটৰ মূল্য!

পূৰ্বৰ ১০ টকাৰ পৰিৱৰ্তে ৫০ টকালৈ বৃদ্ধি কৰা হল ইয়াৰ মূল্য।

কোৰোনা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধিৰ বাবে প্লেটফৰ্ম সমূহত জন সমাগম হ্ৰাস কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত ললে ৰে’ল বিভাগে।

অৱশ্যে এই সিদ্ধান্ত কাৰ্যকৰী হৈছে মুম্বাই মহানগৰৰ মুখ্য কেইটামান ষ্টেচনতহে।

যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম আৰু আগন্তুক ১৫ জুন লৈকে বাহাল থাকিব এই নিয়ম।

ৰে’ল বিভাগৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া শিৱাজী ছোটৰে এই সন্দৰ্ভত কয় যে আগন্তুক গ্ৰীষ্ম দিনত ৰে’ল ষ্টেচনত জন সমাগম হ্ৰাস কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে।

লগতে চাওকঃ

টিকট অবিহনে ৰে’লত যাত্ৰা কৰিছিল ২০ আৰক্ষী, জৰিমনা আদায় দিবলৈও হ’ল অমান্তি! তাৰ পাছত…

GV1-11

নিৰ্বাচনী প্ৰচাৰত আৰক্ষীৰ বাধা! বিমানবন্দৰতে ধৰ্ণা বহিল এজন প্ৰাক্তন মুখ্যমন্ত্ৰী, আটক

G2-1