১৯৯৯ চনত টিকটৰ বাবদ এজন যাত্ৰীৰ পৰা ৰে’ল বিভাগে আদায় ল’লে অতিৰিক্ত ২০ টকা, ২০২২ ত ঘূৰাই দিব লগা হ’ল ১৫০০০ টকা…

নিউজ ডেস্ক। ১৯৯৯ চনত ভাৰতীয় ৰে’লৱেৰ দ্বাৰা এজন ব‍্যক্তিৰ টিকটৰ বাবে আদায় লোৱা হৈছিল ২০ টকা অতিৰিক্ত মাচুল।

ইয়াৰ পিছতে সেই যাত্ৰীগৰাকী তথা উত্তৰ প্ৰদেশৰ এজন অধিবক্তা তুংনাথ চতুৰ্বেদীয়ে সেই বছৰৰ ডিচেম্বৰতে আদালতত ইয়াৰ বিৰুদ্ধে আবেদন কৰিছিল।

এতিয়া, সুদীৰ্ঘ ২২ বছৰ পিছত, ২০২২ চনত, আদালতে চতুৰ্বেদীৰ সপক্ষে ৰায় দি, ভাৰতীয় ৰে’লৱেক তেওঁক ১৫,੦੦੦ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।

G3 2
১৯৯৯ চনত টিকটৰ বাবদ এজন যাত্ৰীৰ পৰা ৰে’ল বিভাগে আদায় ল’লে অতিৰিক্ত ২০ টকা, ২০২২ ত ঘূৰাই দিব লগা হ’ল ১৫০০০ টকা... 2

দুটা দশক ধৰি চলা এই দীঘলীয়া ন্যায়ৰ বাবে যুঁজৰ বিষয়ে চতুৰ্বেদীয়ে কয়, “১৯৯৯ চনৰ ২৫ ডিচেম্বৰত মই মুৰাদাবাদলৈ দুটা টিকট কিনিছিলো যাৰ মূল্য আছিল ৭০ টকা কিন্তু টিকট দিয়া কেৰাণীজনে মোৰ পৰা ৯০ টকা লৈছিল। মই তেওঁক প্ৰশ্ন কৰিছিলো আৰু আনকি ষ্টেচন মাষ্টাৰকো অৱগত কৰিছিলোঁ কিন্তু কোনোৱে মোক সহায় কৰা নাছিল। সেয়েহে মই আইনী প্ৰতিকাৰ বিচাৰিবলৈ বাধ্য হৈছিলোঁ।”

মুৰাদাবাদলৈ প্ৰতিটো টিকটত ৩৫ টকা দৰত দুটা টিকটৰ বাবে, চতুৰ্বেদীয়ে কেৰাণীজনক ১০০ টকা দিছিল যদিও ৩০ টকাৰ ঠাইত কেৰাণীজনে মাত্ৰ ১০ টকা ঘূৰাই দিছিল, যাৰ ফলত তেওঁ ২০ টকাৰ লোকচানত পৰিছিল।

২২ বছৰ ধৰি চলি থকা যুঁজৰ পিছত আদালতে তেওঁৰ পক্ষত ৰায় দি ৰে’লৱেক ১৫,০০০ টকা এমাহৰ ভিতৰত পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে অন‍্যথা তেওঁলোকে পৰিশোধ কৰিবলগা মুঠ পৰিমাণৰ ওপৰত ১৫% অতিৰিক্ত সূত পৰিশোধ কৰিবলৈ দায়বদ্ধ হ’ব।

বিশ বছৰতকৈও অধিক সময় ধৰি এটা গোচৰ চলাই নিয়াৰ প্ৰসংগত, অধিবক্তা চতুৰ্বেদীয়ে কয়, “মোৰ নিজৰ ওপৰত বিশ্বাস আছিল আৰু এজন অধিবক্তা হোৱাৰ বাবে এনে পৰিস্থিতিত কি কৰিব লাগে সেই বিষয়ে মোৰ পৰ্যাপ্ত আইনী জ্ঞান আছিল। যদি ৰে’লৱেই আইনী ভাড়াতকৈ কাৰোবাক অধিক মাচুল লয়, তেনেহ’লে আমি উপভোক্তা জিলা নিষ্পত্তি মঞ্চৰ জৰিয়তে তেওঁলোকক শাস্তি দিব পাৰোঁ। মোৰ পৰিয়ালে মোক এই গোচৰটো ঘূৰাই ল’বলৈ পৰামৰ্শ দিছিল, মোৰ বন্ধুবৰ্গ আৰু আত্মীয়সকলে মোক হাৰ মানিবলৈ প্ৰেৰিত কৰিছিল কিন্তু মই তেওঁলোকৰ কথাত কাণ নকৰি ন্যায়ৰ পথত আগবাঢ়ি গৈছিলো।”

তেওঁ লগতে কয় যে তেওঁ এই মোকৰ্দমাটোৰ সৈতে সম্পৰ্কিত এশৰো অধিক শুনানিত উপস্থিত আছিল। বহুলোকে গোচৰটো স্থগিত ৰখাৰ বাবে যথাসাধ্য চেষ্টা কৰিছিল, আৰু বহুতো বিষয়াই আনকি গোচৰটো খাৰিজ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু অৱশেষত, ন্যায় ৰক্ষা হৈছে বুলিও চতুৰ্বেদীয়ে উল্লেখ কৰে ।