
নিউজ ডেস্কঃ বঙ্গোপ সাগৰৰ আন্দামানৰ দক্ষিণ উপকূলীয় অঞ্চলত ১০ মে’ত সৃষ্টি হোৱা সাগৰীয় ধুমুহা অছানিয়ে অন্ধ্রপ্রদেশ, ওড়িশা আৰু পশ্চিমবংগ আৰু চুবুৰীয়া দেশ বাংলাদেশৰ সাগৰীয় উপকূলত ঠাই বিশেষে কম-বেছি পৰিমাণে ধ্বংসলীলা চলোৱাৰ পাছত সম্প্রতি দুর্বল হৈ পৰিছে।
কিন্তু ইয়াৰ প্ৰভাৱত চুবুৰীয়া বাংলাদেশ আৰু পশ্চিমবঙ্গৰ লগতে বিগত তিনি-চাৰিদিন ধৰি অসমসহ উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰে আকাশ ডাৱৰীয়া হৈ আছে।
আনকি বিগত ৪৮ ঘণ্টাত অসমৰ ডিমা হাচাও, কাৰ্বি আংলং আৰু বৰাক উপত্যকা, পশ্চিম অসম আৰু বিটিএডিৰ কেতবোৰ অঞ্চলত গাজনি, ঢেৰেকনীৰ সৈতে প্রবল বৃষ্টিপাত হৈছে।
ইফালে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, অহা ১৮ মে’ পর্যন্ত বতৰ অপৰিবৰ্তিত হৈ থাকিব।
১২ মে’ৰ পৰা আৰম্ভ হোৱা আজি পৰ্যন্ত অব্যাহত আছে। আনকি গুৱাহাটীকে ধৰি বহু নগৰ চহৰত বৰষুণৰ ফলত কৃত্রিম বানৰ সৃষ্টি হোৱাৰ লগতে দ ঠাইসমূহ জলমগ্ন হৈ পৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, আজিৰ বিয়লি পর্যন্ত বিগত ২৪ ঘণ্টাত উত্তৰ-পূবৰ ভিতৰতে মেঘালয়ৰ চেৰাপুঞ্জীত অভিলেখ পৰিমাণৰ ৩১০ মিঃ মিঃ বা ৩১ ছেঃ মিঃ বৰষুণ হৈছে। তেনেদৰে অসমৰ ভিতৰত ডিমা হাচাও জিলাৰ হাফলঙত অভিলেখ পৰিমাণৰ ২৩ ছেঃ মিঃ পৰিমাণৰ বৰষুণ হৈছে।
আনহাতে বাংলাদেশ আৰু পশ্চিমবংগ সীমান্তৱৰ্তী পশ্চিম অসমৰ বঙাইগাঁও আৰু ধুবুৰী, গোসাইগাঁৱৰ উপৰি ওদালগুৰি পৰ্যন্ত বিটিএডিৰ চাৰিওখন জিলাত ৫ৰ পৰা ৯ ছেঃ মিঃ পৰিমাণৰ বৰষুণ হৈছে।

উল্লেখ্য বতৰ বিজ্ঞানৰ ভাষাত ৬৫ মিঃ মিঃ বা ৬.৫ ছেঃমিঃতকৈ বেছি বৰষুণ হ’লে তাক ধাৰাসাৰ পৰিমাণৰ বৰষুণ বা প্ৰৱল বৃষ্টিপাত হোৱা বুলি কোৱা হয়। সেই হিচাপত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হোৱা অঞ্চল হিচাপে পৰিচিত চেৰাপুঞ্জীত বিগত তিনিটা দিনত একেৰাহে দৈনিক ৩০০ ছেঃমিঃ পৰিমাণৰ ওপৰত বৰষুণ হৈ আছে।
আনহাতে আগন্তুক ৪ দিনলৈকে বতৰ অপৰিৱৰ্তিত হৈ থাকিলে ৰাজ্যখন বানপানীৰ কবলত পৰাটো নিশ্চিত। কিয়নো ভূটান, অৰুণাচল প্রদেশ, তিব্বত বা চীনত প্রবল বৃষ্টিপাত হলে, ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ-উপ নৈ ওফন্দি উঠাটো নিশ্চিত।
ইফালে আজি বৰাক উপত্যকাৰ ভিতৰত শিলচৰত অভিলেখ পৰিমাণৰ ৭ ছেঃমিঃ বৰষুণ হৈছে। আনহাতে ডিমা হাচাও আৰু মেঘালয়ৰ কেবাখনো জিলাতো ধাৰাষাৰ পৰিমাণৰ বৰষুণ অহাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ খবৰ পোৱা হৈছে।

আনহাতে বৰষুণৰ ফলত তাপমাত্রা স্বাভাৱিকতকৈ বহুখিনি নিম্নগামী হোৱাত উৎকট গৰমৰ পৰা ৰাইজ বহুখিনি সকাহ পাইছে। ইতিমধ্যে বংগোপ সাগৰৰ দিশৰ পৰা অহা জলীয় বাস্পই অসমসহ উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ বেছিভাগ ৰাজ্যৰ আকাশ চানি ধৰিছে।
এই জলীয় বাস্পৰ ফলত সৃষ্টি হোৱা মেঘ সাগৰ পৃষ্ঠৰ পৰা মাত্র ৯০০ মিটাৰৰ পৰা ৩.১ কিঃমিঃ উচ্চতাত বলি থকাত পাহাৰীয়া অঞ্চলসমূহ তুলনামূলকভাবে সমলতলতৈ গাজনি, ঢেৰেকনী, বজ্ৰপাতৰ সৈতে প্ৰবল পৰিমাণৰ বৃষ্টিপাত হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে।
অৱশ্যে ইয়াৰ বিপৰীতে সমতল ঠাই সমূহৰ বেছিভাগতে ১৮ মে’ পর্যন্ত পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হ’ব৷ ইফালে বতৰৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সংশ্লিষ্ট বিভাগ তথা কর্তৃপক্ষসমূহকে অৱগত কৰা হৈছে।
উল্লেখ্য যে, আজিৰ দিনটোত গুৱাহাটীত হোৱা বৰষুণৰ পৰিমাণত আছিল ৫১.৯ মিঃ মিঃ। তেনেদৰে ডিব্ৰুগড়ত ২৭.২ মিঃমিঃ, তেজপুৰত ১৫.৬ মিঃ মিঃ, যোৰহাটত ২.০ মিঃ মিঃ আৰু উত্তৰ লখিমপুৰত ২৭.২ মিঃ মিঃ পৰিমাণৰ বৰষুণ হৈছে।
আনহাতে প্ৰৱল বৰষুণৰ ফলত বানপানীৰ আশংকা কৰি নৈপৰীয়া অঞ্চলত বাস কৰা লোকসকল শংকিত হৈ পৰিছে।