১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰে ৫ জনৰ কৰুণ মৃত্যু…

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰে ৫ জনৰ কৰুণ মৃত্যু।

গোৱালপাৰাৰ বলবলা গধাবৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত একেটা পৰিয়ালৰ ৫জনকৈ নিহত হয়।

vlcsnap-2021-12-03-13h15m45s593

ইয়াৰ উপৰিও আন দুজন লোকো গুৰুতৰভৱে আহত হৈছে বুলি জানিব পৰা গৈছে।

নিহত পাঁচজন ক্ৰমে আব্দুৰ ৰহিম, ছবুৰা খাতুন, নাজমা খাতুন, ছোহেইল ৰহমান, আৰু জহেল ৰহমান।

গুৰুত্বৰ বাবে আঘাতপ্ৰাপ্ত হোৱা দুয়োজনকে ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

vlcsnap-2021-12-03-13h16m45s193

দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহনৰ নম্বৰ ক্ৰমে এএছ ০১ ডিইউ ১৪২৬ আৰু এএছ ২৩ এম ৬৫০১।

ইপিনে স্থানীয় লোকৰ অভিযোগ যে এঘন্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় এম্বুলেন্সৰ লগতে আৰক্ষীৰ লোক।

Leave a Comment