fbpx
অসম

১৭ জুনলৈকে অসম-মেঘালয়ত হ’ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট…

অসম-মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

১৭ জুনলৈকে অসম আৰু মেঘালয়ত হ’ব ধাৰাসাৰ বৰষুণ।

ভাৰতীয় বিতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে জাননী।

উল্লেখ্য যে, বতৰ বিজ্ঞানে কেন্দ্ৰই পূৰ্বেই উত্তৰ পূৰ্বাঞ্চলত ১৩ জুনৰ পৰা প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছিল।

সেই বিষয়ত জাৰি কৰা জাননীতে ১৭ তাৰিখলৈ প্ৰৱল বৃষ্টিপাত অব্যাহত থাকিব বুলি ঘোষণা কৰিছিল। সেই সম্ভাৱনা সত্য প্ৰমাণ কৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্যত ১৩ জুন, সোমবাৰৰ নিশাৰে পৰা আহিছে ধাৰাসাৰ বৰষুণ।

গুৱাহাটী মহানগৰীত এনে ধাৰাসাৰ বৰষুণে জন জীৱন স্তব্ধ কৰি তোলাৰ লগতে কেইবাজনো লোকৰ প্ৰাণ কাঢ়িলে।

সোমবাৰে ঠাইভেদে ২৪ ঘণ্টাত ১০০ মিলিমিটাৰ পৰা ৩০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা বুলি প্ৰকাশ পাইছে।

বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰৰ বাবে অসম আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰিছে।

আনহাতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ বাবে ১৭ জুনলৈকে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!