১৬ মাৰ্চৰ পৰা ১২ৰ পৰা ১৪ বছৰৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন…

১৬ মাৰ্চৰ পৰা ১২ৰ পৰা ১৪ বছৰৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন।

কবিনেট বৈঠকৰ অন্তত এই কথা সদৰি কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

১২ৰ পৰা ১৪ বছৰৰ কিশোৰ-কিশোৰীক Corbevax ভেকচিন প্ৰদান কৰা হ’ব।

পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই CORBEVAX ভেকচিন কাৰ্যসূচী মুকলি কৰিব।

উল্লেখ্য যে, ক’ভিডৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই টুইটযোগে ঘোষণা কৰিছিল যে, ১৬ মাৰ্চৰ পৰা ১২ ৰ পৰা ১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ টিকাকৰণ কাৰ্যসূচী আৰম্ভ হ’ব।

লগতে ৬০ বছৰ উৰ্ধৰ লোকসকলেও এতিয়াৰ পৰা প্ৰতিৰোধী ড’জ গ্ৰহণ কৰিব পাৰিব।

চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৈছিল যে ১৫ৰ পৰা ১৮ বছৰ বয়সৰ তিনি কোটিৰো অধিক কিশোৰ-কিশোৰীয়ে ভেকচিন গ্ৰহণ কৰিছে।

Leave a Comment