fbpx
ৰাষ্ট্ৰীয়

১৫ বছৰৰ ভিতৰত পুনৰ নিৰ্মাণ হ’ব অখণ্ড ভাৰত; যিয়ে ইয়াৰ পথত আহিব, নিঃশেষ হৈ যাবঃ মোহন ভাগৱত

আগন্তুক ১৫ বছৰৰ ভিতৰত পুনৰ নিৰ্মাণ হব অখণ্ড ভাৰত। – এই মন্তব্য হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতৰ।

হৰিদ্বাৰৰ কনখালৰ সন্ন্যাস পথৰ শ্ৰীকৃষ্ণ নিৱাস আৰু পূৰ্ণানন্দ আশ্ৰমত উপস্থিত থাকি এই মন্তব্য কৰে মোহন ভাগৱতে।

সনাতন ধৰ্মই হৈছে হিন্দু ৰাষ্ট্ৰৰ অৰ্থ বুলি মন্তব্য কৰি আৰএছএছৰ প্রধান মোহন ভাগৱতে কয় যে সাধু-সন্যাসী আৰু জ্যোতিষ শাস্ত্ৰৰ মতে, অহা ২০-২৫ বছৰৰ ভিতৰত ভাৰত পুনৱৰ ঐক্যবদ্ধ হব।

কিন্তু আমি সকলোৱে যদি এতিয়াৰ পৰাই কামৰ গতি বৃদ্ধি কৰো, তেন্তে ১০-১৫ বছৰৰ ভিতৰত এখন ভাৰত নিৰ্মাণ হব আৰু আমি সেয়া স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰিম।

আৰএছএছৰ প্ৰধান ভাগৱতে পুনৰ কয় যে ভাৰতে নিৰন্তৰ প্ৰগতিৰ পথত আগবাঢ়ি আহিছে। যিসকলে ইয়াৰ পথত আহে তেওঁলোক নাইকিয়া হ’ব।

তেওঁ কয় যে আমি অহিংসাৰ বিষয়ে কথা পাতিম, কিন্তু আমি হাতত লাঠি লৈ এইকথা ক’ম। আমাৰ মনত কোনো ঘৃণা, শত্ৰুতা নাই, কিন্তু যদি পৃথিৱীয়ে ক্ষমতাত বিশ্বাস কৰে, তেন্তে আমি কি কৰা উচিত?

ভাগৱতে কয় যে সনাতন ধৰ্মৰ বিৰোধিতা কৰা তথাকথিত লোকসকলৰো ইয়াত সহযোগিতা আছে। যদি তেওঁলোকে প্ৰতিবাদ নকৰিলেহেঁতেন, হিন্দুসকল সাৰ নাপালেহেঁতেন।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!