
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাহনৰ সংঘৰ্ষ, কেবাজনাে আহত
March 2, 2021নিউজ ডেস্ক। ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। অৱশ্যে সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰিল কেবজানাে লােকৰ।
জানিব পৰা মতে, কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ক্ষুদ্ৰপলহাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যােৱা নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

প্ৰাপ্ত বাতৰি অনুসৰি, AS-01M-3899 নম্বৰৰ গ্ৰেণ্ড আইটেন খনে ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা এখন ধাবাৰ সন্মুখত বাহনখন ৰখাবলৈ লৈছিল। সেই মুহূৰ্ততে পিচফালৰ পৰা তীব্ৰ গতিত আহি থকা AS-17E-6135 নম্বৰৰ মাৰুতি অল্ট’খনে এই বাহনখনৰ সােঁ ফালে তীব্ৰ জােৰে খুন্দিয়ায়।
এই ঘটনাত আই টেন খনত থকা পাঁচজন লােকৰ লগতে মাৰুটি অল্টখনৰ আৰোহী কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
চিকিৎসাধীন অৱস্থাত থকা লোক দুজনৰ নাম ৰবি শ্বাহা (৩৬, অভয়াপুৰী) আৰু ৰাজ নাৰায়ণ (২০, অভয়াপুৰি) বুলি জানিব পৰা গৈছে।