fbpx
অসম

১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা, দাহ কৰা গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মাণ কৰি থকা হৈছে গঁড়ৰ প্ৰতিমূৰ্তি…

২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।

১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য প্ৰধান বন সংৰক্ষক এম কে যাদৱে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰতি বছৰে ১ অক্টোবৰত পৰ্যটকৰ বাবে জীপ ছাফাৰী আৰু এক নৱেম্বৰত হাতী ছাফাৰী মুকলি কৰা হয় যদিও এইবাৰ বতৰৰ প্ৰতিকুল অৱস্থাৰ বাবে ১৫ অক্টোবৰলৈ পিছুৱাই দিছে উদ্যান কৰ্তৃপক্ষই।

কৰ্তৃপক্ষৰ মতে, এইবাৰ পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ব গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মিত তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি।

২০২১ বৰ্ষৰ ২২ ছেপ্টেম্বৰত দাহ কৰা গঁড়ৰ খৰ্গৰে নিৰ্মাণ কৰি থকা হৈছে গঁড়ৰ প্ৰতিমূৰ্তিকেইটা৷ দ্ৰুতগতিত চলি থকা নিৰ্মাণ কাৰ্য, এসপ্তাহৰ ভিতৰত সমাপ্ত হ’ব বুলি প্ৰকাশ কৰিছে এম কে যাদৱে।

এইবাৰ পৰ্যটকক আদৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই।

পৰ্যটকৰ অন্যতম আকৰ্ষণ হ’ব গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মিত ৩টা গঁড়ৰ প্ৰতিমূৰ্তি।

২০২১ৰ ২২ ছেপ্টেম্বৰত দাহন কৰা খৰ্গৰ ছাইৰে নিৰ্মাণ কৰি থকা হৈছে গঁড়কেইটা।

দ্ৰুতগতিত চলি থকা নিৰ্মাণ কাৰ্য, এসপ্তাহৰ ভিতৰত সমাপ্ত হ’ব বুলি প্ৰকাশ কৰিছে এম কে যাদৱে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!