১৪ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত এগৰাকী প্ৰাক্তন বিধায়কক বিহিলে ২৫ বছৰৰ কাৰাদণ্ড…

১৪ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত এগৰাকী প্ৰাক্তন বিধায়কক বিহিলে ২৫ বছৰৰ কাৰাদণ্ড।

মঙলবাৰে মেঘালয়ৰ পকচো (POCSO) আদালতে মাৱহাটিৰ প্ৰাক্তন বিধায়ক জুলিয়াছ কে ডৰফাঙক ২৫ বছৰৰ কাৰাদণ্ড আৰু ১৫ লাখ টকা জৰিমনা প্ৰদান কৰে।

নিষিদ্ধ উগ্ৰপন্থী সংগঠন হাইনিভেট্ৰেপ নেশ্যনেল লিবাৰেশ্যন কাউন্সিলৰ প্ৰাক্তন অধ্যক্ষও আছিল জুলিয়াছ কে ডৰফাঙ।

এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত পকচো (POCSO) আদালতৰ বিশেষ ন্যায়াধীশ এফ এছ চাংমাই প্ৰাক্তন বিধায়কজনক গোচৰটোত দোষী সাব্যস্ত কৰে।

হাইনিভেট্ৰেপ নেশ্যনেল লিবাৰেশ্যন কাউন্সিলৰ প্ৰতিষ্ঠাপক সভাপতি ডৰফাঙে ২০০৭ চনত আত্মসমৰ্পণ কৰিছিল।

২০১৩ চনত ৰে-ভোই জিলাৰ মাৱহাটি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল।

কিন্তু ২০১৭ চনত এগৰাকী ১৪ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হয় ডৰফাঙেৰ বিৰুদ্ধে।

এই অভিযোগৰ পিছতে ডৰফাঙে ৰাজ্যৰ পৰা পলায়ন কৰিছিল যদিও গুৱাহাটীৰ আই এছ বি টিৰ পৰা গ্ৰেপ্তাৰ হৈছিল।

গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক নংপোহ জিলা কাৰাগাৰত ৰখা হৈছিল।

কিন্তু ২০২০ চনত মেঘালয় উচ্চ ন্যায়ালয়ৰ এটা বিচাৰপীঠে তেওঁক চিকিৎসা জামিন প্ৰদান কৰিছিল।

তেওঁক পুনৰ চলিত বৰ্ষৰ ১৩ আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত দোষী সাব্যস্ত কৰা হৈছিল।

ইফালে ডৰফাঙৰ অধিবক্তা কিশোৰ এফ গৌতমে আদালতৰ সিদ্ধান্তত একমত নহয় বুলি মন্তব্য কৰি এই ৰায়ক মেঘালয় উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হ’ব বুলি কয়।

Leave a Comment