অসম

১৪ নহয়, ১৫ ছেপ্টেম্বৰত উদযাপন হ’ব মাধৱ গুৰুজনাৰ পবিত্ৰ তিথি, বন্ধ ঘোষণা…

শ্ৰীশ্ৰী মাধৱদেৱ তিথি উপলক্ষে ৰাজ্য চৰকাৰৰ বিশেষ জাননী।

১৫ ছেপ্টেম্বৰত হে অনুষ্ঠিত হ’ব শ্ৰীশ্ৰী মাধৱ দেৱৰ পবিত্ৰ তিথি।

অসম চৰকাৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছিল।

কিন্তু, বৰ্তমান ১৪ ছেপ্টেম্বৰৰ পৰিবৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছে।

এক জাননীৰ জৰিয়তে চৰকাৰে এই কথা জানিবলৈ দিয়ে।

ৰাজ্যৰ বিভিন্ন সত্ৰৰ পৰা পোৱা আৱেদনৰ ভিত্তিতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণ।

সত্ৰসমূহে ১৪ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৫ ছেপ্টেম্বৰতহে মাধৱ গুৰুজনাৰ তিথি উদযাপনৰ বিষয়ে আৱেদনৰ জৰিয়তে প্ৰস্তাৱ দিছিল।

Related Articles

Back to top button